কামৰূপ জিলাৰ হাজো ৰাজহ চক্রৰ অন্তৰ্গত ৰামদিয়া মৌজাৰ উজানকুৰি বেজপাৰা নিৱাসী বুদৰম ডেকাৰ পত্নী কল্পনা ডেকা (৫০) ৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত নিশা এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।
জাপানীজ এনকেফেলাইটিছ ৰোগত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰে ৰামদিয়া অঞ্চলৰ জনসাধাৰণক শংকিত কৰি তুলিছে।
জানিব পৰা মতে উজানকুৰি বেজপাৰা নিবাসী বুদৰম ডেকাৰ পত্নী কল্পনা ডেকাৰ যোৱা শুকুৰবাৰে জ্বৰ হোৱাত হাজোস্থিত বিঞ্চুৰাম মেধি সামূহিক চিকিৎসালয়লৈ নিয়া হয়। চিকিৎসকে কল্পনা ডেকাক চেলাইন ঔষধ পাতি দি চিকিৎসা প্ৰদান কৰি জ্বৰ কমাত বিয়লি নিজ গৃহলৈ যাব দিয়ে। পিছত নিশা পুনৰ জ্বৰ হোৱাত পৰিয়ালৰ লোকে শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ পৰ্যাপ্ত সুবিধা লাভ নকৰাত পুনৰ পৰিয়ালৰ লোকে এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱায়। পিছত তেজৰ নমুনা পৰীক্ষা কৰাত কল্পনা ডেকাৰ দেহত জাপানীজ এনকেফেলাইটিছ জ্বৰ ধৰা পৰে। ৰোগৰ উপস্থিতি ধৰা পৰাত পলম হোৱা বাবেই আই চি ইউত চিকিৎসাধীন অৱস্থাত নিশা কল্পনা ডেকাৰ মৃত্যু হয়।
এই ঘটনাৰ পিছতে স্থানীয় জনসাধাৰণে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণে যাতে ভয়াৱহ ৰূপ ধাৰণ নকৰে তাৰ বাবে স্বাস্থ্য বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।