মাত্ৰ এমাহৰ ভিতৰতেই ১৮ জনকৈ লোকৰ হাৰ্ট এটেকত মৃত্যু হোৱা ঘটনাই চিন্তিত কৰি তুলিছে কৰ্ণাটক চৰকাৰক। এই ঘটনাক উদ্বেগজনক আখ্যা দি ইয়াৰ তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে কৰ্ণাটক চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী দীনেশ গুণ্ডু ৰাওৱে।
সোমবাৰে মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম এক্সযোগে হাৰ্ট এটেকত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু নিশ্চিত কৰে যে বিশদ অধ্যয়নৰ কাম আৰম্ভ কৰা হৈছে।
মন্ত্ৰীগৰাকীয়ে কয়, ‘স্বাস্থ্য বিভাগে হাছান জিলাত এমাহৰ ভিতৰত ১৮টা হাৰ্ট এটেকৰ ঘটনাক গুৰুত্বসহকাৰে লৈছে। ইতিমধ্যে বিভাগীয় বিষয়াসকলক জয়দেৱ প্ৰতিষ্ঠানৰ সঞ্চালকৰ অধ্যক্ষতাত এক অধ্যয়ন চলাই হাৰ্ট এটেকৰ বৃদ্ধিৰ সংখ্যা সন্দৰ্ভত প্ৰতিবেদন প্ৰদান কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।’
‘হঠাৎ বৃদ্ধি পোৱা হৃদৰোগ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিছে পুনীথ ৰাজকুমাৰ হাৰ্ট জ্যোতি আঁচনি। কিন্তু শেহতীয়াকৈ হাৰ্ট এটেকত আক্ৰান্ত যুৱক-যুৱতীসকলৰ ধাৰা সম্পৰ্কে বিস্তৃত গৱেষণাৰ প্ৰয়োজন আছে’, তেওঁ লগতে কয়।
উদ্বেগজনকভাৱে বৃদ্ধি পোৱা হাৰ্ট এটেকৰ কাৰণ জানিবলৈ ৰাজ্য চৰকাৰে জয়দেৱ প্ৰতিষ্ঠানৰ ডাঃ চি এন ৰবীন্দ্ৰৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰিছে। এই সমিতিখনক ১০ দিনৰ ভিতৰত সকলো অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।