পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ কাছবাত অৱস্থিত দক্ষিণ কলিকতা আইন মহাবিদ্যালয়ত সংঘটিত হোৱা কাণ্ডই সমগ্ৰ দেশক কঁপাই তুলিলে। ২৪ বছৰীয়া আইনৰ ছাত্ৰী এগৰাকীক দলবদ্ধ অপকৰ্মৰ গোচৰটো বহু বাতৰিৰ শিৰোনামলৈ আহিছে।
এই গোচৰৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ হৈছে। এক প্রতিবেদন অনুসৰি, ভুক্তভোগী মহিলাগৰাকীৰ অধিবক্তাই আদালতত জনাইছে যে, অভিযুক্তই উশাহ-নিশাহ ল’বলৈ অসুবিধা পোৱাৰ সময়ত ইনহেলাৰো আনি দিছিল৷
এক প্ৰতিবেদন অনুসৰি, ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কয় যে, এই ভয়ংকৰ কাণ্ডৰ সময়ত তেওঁৰ উশাহ-নিশাহ ল’বলৈ অসুবিধা হৈছিল। এই সন্দৰ্ভত মূল অভিযুক্ত মনোজিতে তেওঁৰ সংগী জৈব আহমেদক ইনহেলাৰ আনিবলৈ কয় আৰু তেওঁ এই ইনহেলাৰটো ভুক্তভোগীক দিয়ে।
ভুক্তভোগীৰ হৈ গোচৰৰ যুঁজ দিয়া অধিবক্তাই আদালতত প্ৰকাশ কৰে যে, অভিযুক্তই ভুক্তভোগীৰ অৱস্থা উন্নত হ’লে অধিক অত্যাচাৰ কৰাৰ পৰিকল্পনা কৰিছিল।
প্ৰতিবেদন অনুসৰি, কলকাতা আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ উদ্ধাৰ কৰিছে য’ত ১জন অভিযুক্তক মেডিকেল ষ্ট’ৰৰ পৰা ইনহেলাৰ ক্ৰয় কৰা দেখা গৈছে। মেডিকেল ষ্ট’ৰৰ মালিকে অভিযুক্তই ৩৫০ টকা দিয়া বুলিও নিশ্চিত কৰিছে।
কলকাতাৰ এখন আইন মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ডত গ্ৰেপ্তাৰ হোৱা ৩ অভিযুক্তৰ আৰক্ষীৰ জিম্মা মঙলবাৰে ৮ জুলাইলৈ বৃদ্ধি কৰা হয়। বৃহস্পতিবাৰে অভিযুক্ত তিনিজনক গ্ৰেপ্তাৰ কৰি পিছদিনা আদালতত হাজিৰ কৰা হয়, য’ৰ পৰা প্ৰথমে চাৰিদিনীয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।