ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টত ভাৰতীয় দলত যশপ্ৰীত বুমৰাহক মূল একাদশত স্থান নিদিয়াক লৈ ক্ষুন্ন হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰী। প্ৰথম মেচখনৰ পৰা দ্বিতীয় মেচখনৰ মাজত দলে পুৰা এসপ্তাহ সময় লাভ কৰাৰ পিছতো বুমৰাহক বিশ্ৰাম দিয়া কাৰ্যক সহজভাৱে মানি ল’ব পৰা নাই প্ৰাক্তন প্ৰশিক্ষকগৰাকী।
আজিৰ পৰা আৰম্ভ হোৱা শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতে মূল একাদশত কেইবাটও সালসলনি ঘটাইছে। এই সালসলনিৰ ভিতৰত আটাইতকৈ ডাঙৰ সিদ্ধান্তটো আছিল যশপ্ৰীত বুমৰাহক বিশ্ৰাম।
উল্লেখ্য যে, শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই টিম মেনেজমেণ্টে এটা কথা স্পষ্ট কৰিছিল যে এই শৃংখলাটোত বুমৰাহক কেৱল তিনিখন মেচতহে খেলোৱা হ’ব। ইফালে প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পিছত প্ৰশিক্ষক গৌতম গম্ভীৰেও স্পষ্ট কৰি দিছিল যে মেনেজমেণ্টে লোৱা সিদ্ধান্ত সলনি কৰা নহয়।
কিন্তু মেনেজমেণ্টৰ এই সিদ্ধান্তক লৈ মুঠেও সন্তুষ্ট নহয় ৰবি শাস্ত্ৰী। তেওঁ কয় যে বিশ্বাস কৰিবলৈ টান যে বিশ্বৰ শ্ৰেষ্ঠ বেগী বলাৰগৰাকীক ইমান গুৰুত্বপূৰ্ণ টেষ্ট মেচৰ পৰা আঁতৰাই ৰখা হৈছে।
তেওঁ কয়, ‘ভাৰতৰ শেহতীয়া প্ৰদৰ্শন চালে এই টেষ্টখন অতি গুৰুত্বপূৰ্ণ। নিউজিলেণ্ডৰ বিৰুদ্ধে ৩খন পৰাজয়, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩খন পৰাজয় আৰু এতিয়া আমি ইংলেণ্ডৰ বিৰুদ্ধেও প্ৰথমখন টেষ্টত পৰাস্ত হৈছো। এনে পৰিস্থিতিত যেতিয়া আপুনি কামবেক কৰিবলগীয়া হয়, তেতিয়া আপুনি আপোনাৰ দলৰ শ্ৰেষ্ঠ বেষ্ট বলাৰক, যিজন বিশ্বৰ শ্ৰেষ্ঠ বলাৰ, সাত দিন জিৰণি লোৱাৰ পিছতো দলত নাৰাখে। বিশ্বাস কৰাটো কঠিন।’
উল্লেখ্য আজিৰ পৰা এজবাষ্টনত আৰম্ভ হোৱা শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতে বুমৰাহৰ ঠাইত আকাশদ্বীপক স্থান দিছে। আনহাতে ছাই সুদৰ্শন আৰু চাৰ্দুল ঠাকুৰৰ ঠাইত নীতিশ কুমাৰ ৰেড্ডী আৰু ৱাশ্বিংটন সুন্দৰক মূল একাদশত খেলোৱা হৈছে।
ছাই সুদৰ্শনক দলৰ পৰা বাহিৰ কৰা কাৰ্যকো সমালোচনা কৰে ৰবি শাস্ত্ৰীয়ে।