ইৰাণ আৰু পশ্চিমীয়া দেশসমূহৰ মাজতো পাৰমাণৱিক নিৰীক্ষণ সন্দৰ্ভত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ইৰাণে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সৈতে সহযোগিতা আনুষ্ঠানিকভাৱে স্থগিত ৰাখিছে।
ইফালে ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে আই এ ই এৰ মুৰব্বী ৰাফেল গ্ৰ’ছীক “মোছাদৰ চোৰাংচোৱা” বুলি অভিহিত কৰি কয় যে যদি তেওঁ ইৰাণলৈ আহে তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰি ফাঁ*চী দিয়া উচিত।
আমেৰিকা আৰু ইজৰাইলৰ দুজন বৃহৎ নেতাক শেষ কৰাৰ পৰিকল্পনা কৰিছে ইৰানে। এই কথা প্ৰকাশ কৰিছে আব্দুলমাজিদ খাৰগাহানী নামৰ এজন উগ্ৰ ইৰাণী ধৰ্মগুৰুৱে। এই দুজন ডাঙৰ নেতাৰ নাম হ’ল – আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহু। ইয়াৰ বাবে ধন সংগ্ৰহ কৰা হৈছে বুলিও দাবী কৰিছে মৌলবীগৰাকীয়ে।
তেওঁ কয় যে এই অভিযানৰ নাম হৈছে ট্ৰাম্প আৰু নেতান্যায়াহুক শেষ কৰাৰ বাবে ধন সংগ্ৰহ। এই সকলোবোৰ কথা তেওঁ এটা সাক্ষাৎকাৰত কয় যি বৰ্তমান ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত মৌলবীগৰাকীয়ে ইউৰোপীয় দেশসমূহত এই কামৰ বাবে ১ৰ পৰা ২ কোটি টকা সংগ্ৰহ কৰা হৈছে বুলিও কৈছে।
১৭ জুনত ট্ৰাম্পে সামাজিক মাধ্যমত পোষ্ট কৰিছিল যে তেওঁ ইৰাণৰ উচ্চতম নেতা খামেনেইৰ থকা স্থান জানে যদিও এতিয়ায়ে তেওঁক হত্যা নকৰে। ট্ৰাম্পৰ এই বক্তব্যৰ পিছত ইৰাণৰ পৰিৱেশ ইমানেই উত্তপ্ত হৈ পৰিল যে ফতোৱাও জাৰি কৰা হয়।
ইৰাণৰ শীৰ্ষ ধৰ্মীয় নেতা আয়াতুল্লাহ নাছিৰ মাকাৰেম শ্বিৰাজীয়ে এই ফতোৱা জাৰি কৰিছিল য’ত কোৱা হৈছিল যে যিয়ে খামেনেই বা ইৰাণৰ ধৰ্ম ব্যৱস্থাৰ ক্ষতি কৰে তেওঁ মহৰব অৰ্থাৎ ঈশ্বৰৰ শত্ৰু আৰু তেওঁক মৃত্যুদণ্ড দিয়া উচিত।