দিনটোৰ আৰম্ভণিতে স্বাস্থ্যসন্মত ব্ৰেকফাষ্টৰ দ্বাৰা গোটেই দিনটো শক্তিৰে ভৰি থাকে। ইয়াৰ বাবে বহুতে ৰাতিপুৱা সাৰ পোৱাৰ পিছত স্বাস্থ্যকৰ খাদ্যগ্ৰহণ কৰে। গজালি ওলোৱা খাদ্যগ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয়।
আজি আমি গজালি ওলোৱা মগুৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম। এই খাদ্যত অধিক পৰিমাণে প্ৰটিন থাকে। ইয়াৰ উপৰিও ই আন পুষ্টিকৰ উপাদানৰ ভঁৰাল। নিজৰ খাদ্য তালিকাত অংকুৰিত মগু অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানো আহক-
ব্ৰেকফাষ্টত অংকুৰিত মগু অন্তৰ্ভুক্ত কৰিলে দিনটো স্বাস্থ্যসন্মত আৰু সতেজ হৈ পৰে। বিভিন্ন ধৰণে গ্ৰহণ কৰিব পাৰি, যেনে চালাডত, চেণ্ডুইচত বা কেৱল সাধাৰণভাৱেও খাব পাৰি। ৰাতিপুৱা ব্ৰেকফাষ্টত গজালি ওলোৱা মগু খালে বহু উপকাৰ হ’ব পাৰে। ই পুষ্টিকৰ উপাদানৰে সমৃদ্ধ আৰু স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰী।
- পুষ্টিকৰ উপাদানৰে সমৃদ্ধ
অংকুৰিত মগুত ভিটামিন থাকে। বিশেষকৈ ভিটামিন চি আৰু ভিটামিন কে ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰিও অংকুৰিত মগুত আইৰণ, মেগনেছিয়াম, ফছফৰাছ, প্ৰটিন আৰু আঁহ আদি খনিজ পদাৰ্থও থাকে, যিবোৰ স্বাস্থ্যৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয়।
- হজম শক্তি উন্নত কৰে
অংকুৰিত মগুত অধিক পৰিমাণৰ আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত এই খাদ্য উপকাৰী বুলি বিবেচিত হয়।
- ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
অংকুৰিত মগুত থকা অন্যান্য এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে। গজালি খোৱাটোৱেও বহু ধৰণৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।
- ওজন কমাবলৈ সহায় কৰে
অংকুৰিত মগুত কম কেলৰি আৰু অধিক আঁহ থাকে, যাৰ ফলত ভোক কমে আৰু ওজন কমোৱাত সহায় কৰে। যিসকল লোকে ওজন কমাব বিচাৰে তেওঁলোকে নিশ্চিতভাৱে এই খাদ্য নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।
- হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল
অংকুৰিত মগুত থকা এন্টিঅক্সিডেন্ট আৰু আঁহে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। ইয়াৰ উপৰিও কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰক্তচাপ স্বাভাৱিক কৰি ৰাখে।
- তেজৰ চেনি নিয়ন্ত্ৰণ
গজালি ওলোৱা মগুৱে শৰীৰত তেজত চেনিৰ মাত্ৰা বজাই ৰখাত সহায় কৰে। এই খাদ্যবস্তু ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী বুলি বিবেচিত হয়।
- ছাল আৰু চুলিৰ বাবে উপকাৰী
অংকুৰিত মগুত ভিটামিন এ, চি, চিলিকাৰ দৰে উপাদান থাকে, যিয়ে ছালখন জিলিকি থকা আৰু চুলিক সুস্থ কৰি ৰখাত সহায় কৰে।