ভাৰতৰ ঘনিষ্ঠ বন্ধু ৰাছিয়াৰ এক বৃহৎ সিদ্ধান্তই পাকিস্তানক স্তম্ভিত কৰি তুলিছে। আফগানিস্তানৰ তালিবান চৰকাৰে ৩ জুলাইত কয় যে ৰাছিয়াই তেওঁলোকৰ শাসনক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে।
চীন আৰু পাকিস্তানকে ধৰি আন কেইবাখনো দেশৰ ৰাজধানীত তালিবানৰ ৰাষ্ট্ৰদূত আছে যদিও ইছলামিক আমিৰাতক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই।
কাবুলত আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুট্টাকি আৰু আফগানিস্তানত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূত দিমিত্ৰী জিৰনভৰ মাজত হোৱা বৈঠকৰ পিছতে এই কথা ঘোষণা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুট্টাকিয়ে কয় যে, এই সাহসী সিদ্ধান্ত আনৰ বাবে আদৰ্শ হ’ব। এতিয়া স্বীকৃতিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ৰাছিয়া সকলোতকৈ আগবাঢ়ি আছিল।
তালিবানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ জিয়া আহমেদ তাকালে কয় যে, ৰাছিয়াই ইছলামিক আমিৰাতক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া প্ৰথমখন দেশ। আফগানিস্তানৰ বাবে মস্কোৰ বিশেষ প্ৰতিনিধি জমিৰ কাবুলভে ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাৰ আগত কয় যে চৰকাৰে তালিবান চৰকাৰক স্বীকৃতি দিছে।
পুটিনৰ এই ডাঙৰ পদক্ষেপক মাষ্টাৰ ষ্ট্ৰ’ক বুলিও গণ্য কৰা হৈছে কাৰণ ই আমেৰিকাৰ আঞ্চলিক প্ৰভাৱক প্ৰত্যাহ্বান জনাব আৰু পাকিস্তানে গুৰুতৰ কৌশলগত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব।