দিল্লীৰ যমুনা চাফাই আৰু খোৱাপানী যোগানৰ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লী জল ব’ৰ্ডক আৰ্থিক আৰু প্ৰশাসনিক স্বায়ত্তশাসনৰ উপহাৰ দিলে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই।
ইয়াৰ অধীনত এতিয়া ব’ৰ্ডে নিজাববীয়াকৈ ৫০ কোটি টকা পৰ্যন্ত প্ৰকল্প অনুমোদন আৰু ৰূপায়ণ কৰিব পাৰিব, ইয়াৰ বাবে কেবিনেট অনুমোদনৰ প্ৰয়োজন নাথাকিব।
দিল্লী চৰকাৰৰ সিদ্ধান্ত অনুসৰি অধ্যক্ষক ৫০ কোটি, চিইঅ’ক ২৫ কোটি আৰু আন বিষয়াসকলৰ আৰ্থিক স্বায়ত্তশাসন বৃদ্ধি কৰা হৈছে। এই সিদ্ধান্তৰ পিছত এছটিপি, ডিচিলটিং প্লাণ্ট, পাইপলাইন আৰু বুষ্টিং ষ্টেচনৰ দৰে কামবোৰ এতিয়া দ্ৰুতগতিত কৰা হ’ব।
মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয়, ‘আমি জল ব’ৰ্ডক প্ৰকৃত ‘ব’ৰ্ড’ কৰি তুলিছো’।
ৰেখা গুপ্তাই পূৰ্বৰ চৰকাৰক দোষাৰোপ কৰি কয় যে তেওঁলোকৰ সিদ্ধান্তৰ বাবেই যমুনা আৰু পানী যোগান আঁচনি স্তব্ধ হৈ পৰিছে। এতিয়া নলা আৰু যমুনা পৰিষ্কাৰ কৰা কাম দ্ৰুতগতিত কৰা হ’ব। দুৰ্নীতি ৰোধ কৰাৰ লগতে স্বচ্ছতা বৃদ্ধি পাব।