অনলাইনত উপলব্ধ হ’ল গংগাজল। এতিয়াৰে পৰা আপুনি অনলাইন বা ডাকঘৰযোগে ক্ৰয় কৰিব পাৰিব গংগাজল। শাওন মাহ পৰাৰ লগে লগে ভক্তসকলে হৰিদ্বাৰৰ পৰাই গংগাজল আনি শিৱক অভিষেক কৰে। এই কাম কৰিলে পূণ্য অৰ্জন হয় বুলি জনবিশ্বাস আছে।
কিয়নো শাওন মাহটোক শিৱৰ মাহ হিচাপে ধৰা হয়। এই মাহটোত শিৱক সন্তুষ্ট কৰিবলৈ গংগাজল, বেলপাত আদি শিৱক অৰ্পন কৰা হয়।
প্ৰতিজন লোকৰ বাবে হৰিদ্বাৰলৈ গৈ গংগাজল অনাটো সম্ভৱ নহয়। সেইসকল ভক্তৰ বাবে অনলাইন আৰু ডাকঘৰত উপলব্ধ হ’ল গংগাজল। ডাকঘৰৰ ৱেবছাইট (ইণ্ডিয়া পোষ্ট)ত গৈ অনলাইনযোগে গংগাজল অৰ্ডাৰ কৰিব পাৰিব।
তদুপৰি আপুনি আপোনাৰ এলেকাৰ ডাকঘৰৰ ঠিকনা দি গংগাজল অৰ্ডাৰ কৰিব পাৰিব। ২৫০ মিলিলিটাৰৰ গংগাজলৰ বটল ৩০ টকাত উপলব্ধ হোৱা বুলি উল্লেখ কৰে ডাকঘৰ কৰ্তৃপক্ষই। উত্তৰাখণ্ডৰ নৈনীতালৰ ৰামনগৰ ডাকঘৰৰ পৰা আৰম্ভ হৈছে এই সেৱা।
ইফালে, নৈনীতাল ৰামনগৰ ডাকঘৰৰ পোষ্টমাষ্টৰ গৰাকীয়ে কয় যে, শাওন মাহ আৰম্ভ হোৱাৰ লগে লগে প্ৰতিদিনে ১০ৰ পৰা ২০জন গ্ৰাহকে ডাকঘৰলৈ আহি গংগাজল ক্ৰয় কৰিছে। তাৰ লগতে অনলাইনতো বিগত সপ্তাহত ১৫ৰ পৰা ২০জন গ্ৰাহকে ঘৰৰ পৰাই গংগাজল অৰ্ডাৰ কৰিছে।