কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। কলিয়াবৰৰ হাটবৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা ব্যৱসায়ীক প্ৰতিষ্ঠানত সোমায় ট্ৰাক আৰু বিলাসী বাহন। AS01QC6… নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে AS12U…. নম্বৰৰ বাহনখনত।
যাৰফলত ট্ৰাক আৰু বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ব্যৱসায়ীক প্ৰতিষ্ঠানত খুন্দা মাৰে। সেইসময়ত দোকানকেইখন বন্ধ থকাৰ বাবে কোনো লোকৰ ক্ষয়-ক্ষতি হোৱা নাই যদিও ২খনকৈ দোকানৰ যথেষ্ঠভাৱে ক্ষতি হয়।
সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে দুয়োখন বাহনৰ চালকৰ লগতে কেইবাজনো আৰোহী।