দিল্লীত ১৫ বছৰতকৈ পুৰণি পেট্ৰ’ল আৰু ১০ বছৰীয়া পুৰণি ডিজেল বাহনত ইন্ধন নিষেধাজ্ঞা আপাততঃ প্ৰত্যাহাৰ কৰা হৈছে যদিও এই সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ। শীৰ্ষ বিষয়াৰ মতে, এতিয়া ১ নৱেম্বৰৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীত সৰ্বাধিক জীৱনকাল শেষ হোৱা বাহনৰ ওপৰত এই ব্যৱস্থা কাৰ্যকৰী হ’ব।
এইবাৰ এই নিষেধাজ্ঞা কেৱল দিল্লীতে সীমাবদ্ধ নাথাকিব। দিল্লীৰ লগতে পাঁচখন এনচিআৰ জিলাতো প্ৰযোজ্য হ’ব। মঙলবাৰে অনুষ্ঠিত এক বৈঠকত বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে (CAQM)এ এই সিদ্ধান্ত গ্ৰহণ কৰে।
CAQM ৰ মতে, ২০২৫ চনৰ ১ নৱেম্বৰত আন পাঁচখন চহৰ গুৰুগ্ৰাম, ফৰিদাবাদ, গাজিয়াবাদ, ছোনীপত আৰু গৌতম বুদ্ধ নগৰৰ লগতে দিল্লীতো এতিয়া এই নিষেধাজ্ঞা কাৰ্যকৰী কৰা হ’ব।
উল্লেখ্য যে শেহতীয়াকৈ ৰাষ্ট্ৰীয় ৰাজধানীত সৰ্বাধিক জীৱনকাল শেষ হোৱা গাড়ীক ইন্ধন দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এই নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজনীতিও হোৱা পৰিলক্ষিত হৈছিল। বিতৰ্ক তথা সমালোচনাৰ পিছতেই সাময়িকভাৱে এই নিয়ম প্ৰত্যাহাৰ কৰিছিল।