গুজৰাটৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ ৰাজস্থানৰ ৰতনগঢ়ত সংঘটিত হৈছে আন এক বিমান দুৰ্ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি, ৰাজস্থানৰ ৰাজলদেছৰ সমীপত এখন যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত পাইলটসহ দুজন লোকৰ মৃত্যু হয়।
প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই জানিব দিয়া অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা যুঁজাৰু বিমানখন ভাৰতীয় বায়ু সেনাৰ জাগুৱাৰ।
বৰ্তমান দুজন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে যদিও কি কাৰণত কেতিয়া এই বিমানখন দুৰ্ঘটনাত পতিত হৈছে সেই কথা এতিয়ালৈ জানিব পৰা হোৱা নাই।
যুঁজাৰু বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু অঞ্চলবাসীৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰা দেখা যায়।
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে জিলাখনৰ শীৰ্ষ বিষয়া অভিষেক সুৰানা, স্থানীয় আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থললৈ ৰাওনা হয়।
ইফালে স্থানীয় লোকসকলে জনোৱা অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে দপদপকৈ জ্বলি উঠে খেতিপথাৰ আৰু লোকসকলে জুই নুমুওৱাৰ চেষ্টা চলায়।