বিৰোধী ৰাজনৈতিক দলৰ আক্ৰমণাত্মক সমালোচনা আৰু তীব্ৰ বিৰোধিতাৰ পিছত অৱশেষত বাতিল হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ আৱাসগৃহৰ নিবিদা প্ৰক্ৰিয়া। প্ৰশাসনিক কাৰণৰ উদ্ধৃতি দি পি ডব্লিউ ডিয়ে ৬০ লাখ টকাৰ নিবিদা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
যোৱা ৪ জুলাইত মুখ্যমন্ত্ৰীৰ ১/৮ নং ৰাজনিবাস পথৰ বাংলো মেৰামতিৰ বাবে বিদ্যুতৰ নিবিদা ৪ জুলাইত মুকলি কৰিছিল। এই নিবিদাত ১৪ টা এচি, ৯ লাখ টকাৰ টিভি, ৬ লাখ টকাৰ লাইট আৰু অন্যান্য সামগ্ৰী অন্তৰ্ভুক্ত আছিল।
এই তথ্য পোহৰলৈ অহাৰ পিছতে দিল্লীৰ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছিল আৰু তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৰেখা গুপ্তা নেতৃত্বাধীন চৰকাৰ। পৰিস্থিতি বিষম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি হঠাতে ৬০ লাখ টকাৰ এই নিবিদা বাতিল কৰা হয়।
উল্লেখ্য যে, লোক নিৰ্মাণ বিভাগে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বাবে ৰাজনিৱাস পথত দুটা বাংলো আৱণ্টন দিছিল। ইয়াৰে এটা তেওঁৰ থকাৰ বাবে আনটো কাৰ্যালয়ৰ বাবে। শিৱিৰ কাৰ্যালয়টো তেওঁ যোৱা সপ্তাহত মুকলি কৰিছিল।
ইফালে নিবিদাৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে দিল্লী চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছিল পূৰ্বৰ চৰকাৰ আপ। আম আদমিয়ে মুখ্যমন্ত্ৰীৰ আৱাসগৃহৰ নাম দিছে ‘মায়ামহল’।
শেহতীয়াকৈ আপে দিল্লীৰ বিজেপি চৰকাৰক লক্ষ্য কৰি কয় যে বৰ্ধিত মুদ্ৰাস্ফীতি আৰু ব্যক্তিগত বিদ্যালয়ৰ মাচুল বৃদ্ধিৰ বাবে দিল্লীবাসী অশান্তিগ্ৰস্ত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কোটি কোটি টকা খৰচ কৰি নিজৰ বাংলো মেৰামতি কৰাত লাগিছে।