ঈদৰ সময়ত ধুবুৰী চহৰৰ হনুমান মন্দিৰৰ পৰা নিষিদ্ধ মাংস উদ্ধাৰৰ সৈতে জড়িত গোচৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ধুবুৰীৰ ঈদ গাহ ময়দানৰ ১১ নং ৱাৰ্ডৰ বাসিন্দা প্ৰয়াত মুলফত আলী খানৰ পুত্ৰ মহম্মদ জাহাংগীৰ খান ওৰফে মিন্টু আলী নামৰ অভিযুক্তজনে বৃহস্পতিবাৰে ধুবুৰী সদৰ থানাত আত্মসমৰ্পণ কৰে বুলি জানিব পৰা গৈছে।
আত্মসমৰ্পণৰ পিছতেই গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী সময়ত তেওঁক আদালতত হাজিৰ কৰা হয় আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
এই ঘটনাৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ২৯৮, ২৯৯, আৰু ৬১(২)(ক)ৰ লগতে অসম গো সংৰক্ষণ আইনৰ ১৩(১) ধাৰাৰ অধীনত ২৬৬/২৫ নম্বৰত গোচৰ পঞ্জীয়ন কৰা হৈছিল।
উল্লেখ্য যে, জুন মাহত ধুবুৰী চহৰৰ বাহাদুৰটাৰীস্থিত হনুমান মন্দিৰত কোনো দুষ্কৃতিকাৰীয়ে নিষিদ্ধ মাংস দিছিল। এই ঘটনা পোহৰলৈ অহাৰ পিছতেই চহৰখনত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ঠায়ে ঠায়ে দুই পক্ষৰ মাজত সংঘাত হোৱাও পৰিলক্ষিত হয়।
পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠাত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি এই কাণ্ড সংঘটিত কৰা চক্ৰটোৰ বিৰুদ্ধে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰে। কিছুদিনৰ ভিতৰতেই আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে যদিও ঘটনাৰ মূল মাষ্টাৰমাইণ্ড মিণ্টু আলী পলাতক অৱস্থাত আছিল।