ৰাজ্যৰ শিক্ষাক্ষেত্ৰত হ’ব পৰিৱৰ্তন। কিয়নো ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষা বিভাগে প্ৰণয়ন কৰিব নতুন ব্যৱস্থা। শিক্ষাৰ্থীৰ গুণগত মানদণ্ড নিৰ্ধাৰণ কৰিবৰ বাবে শিক্ষা বিভাগে শিক্ষাৰ্থীসকলক প্ৰদান কৰিব একোটাকৈ নম্বৰ। বিভাগে প্ৰদান কৰা নম্বৰত শিক্ষাৰ্থীসকলৰ সকলো তথ্য অন্তৰ্ভুক্ত থাকিব। ৰাজ্যৰ শিক্ষাৰ্থীৰ গুণগত মানদণ্ড নিৰ্ধাৰণ কৰিবৰ বাবে শিক্ষা বিভাগে প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰদান কৰিব Permanent Education Number অৰ্থাৎ পেন নম্বৰ।
বিদ্যালয়ত নামভৰ্তি কৰাৰ লগে লগে প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব একোটাকৈ পাৰমানেন্ট এডুকেশ্বন নম্বৰ। প্ৰদান কৰা পাৰমানেন্ট এডুকেশ্বন নম্বৰত শিক্ষাৰ্থীৰ তথ্য, নথি সকলো অন্তৰ্ভুক্ত থাকিব।
শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে ঘোষণা কৰিছে এই কথা। লগতে তেওঁ কয় যে, শিক্ষা বিভাগে প্ৰণয়ন কৰিব বিচৰা এই ব্যৱস্থা শিক্ষাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।
আনহাতে, শিক্ষাসেঁতু এপক লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ শিক্ষাসেঁতু এপ সন্দৰ্ভত কয়, শিক্ষাসেঁতু এপৰ বেমেজালিক লৈ এখন অভিযোগকাৰী সমিতি গঠন কৰা হৈছে। এতিয়াৰে পৰাই শিক্ষাৰ্থী, শিক্ষক তথা অভিভাৱকে এপ সন্দৰ্ভত যিকোনো অভিযোগ দাখিল কৰিব পাৰিব।
উল্লেখ্য যে, পেন নম্বৰ হৈছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰতিজন শিক্ষাৰ্থীক প্ৰদান কৰা এটা পৰিচয় নম্বৰ। এই পৰ্টেলৰ জৰিয়তে ১৪.৮৯ লাখতকৈও অধিক বিদ্যালয়, ৯৫ লাখ শিক্ষক আৰু ২৬.৫ কোটি শিশুক সামৰি ল’ব।