বাজেট দাখিলৰ এদিন পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত পূৰ্ব-বাজেট নথি-পত্ৰ উপস্থাপন কৰিবলৈ সাজু হৈছে। এই অৰ্থনৈতিক সমীক্ষা লোকসভাত ১ বজাত আৰু ৰাজ্যসভাত ২ বজাত প্ৰদৰ্শন কৰা হ’ব।
কোনে প্ৰস্তুত কৰিব এই অৰ্থনৈতিক সমীক্ষা?
এই অৰ্থনৈতিক সমীক্ষা বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা হয়। যি মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ পৰ্যবেক্ষণৰ অধীনত সঞ্চালিত হয়।
কি কি অন্তৰ্ভূক্ত কৰা হৈছে এই অৰ্থনৈতিক সমীক্ষাত?
এই অৰ্থনৈতিক সমীক্ষাত দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগতে বিভিন্ন ধৰণৰ সূচকসমূহৰ বিষয়ে তথ্য অন্তৰ্ভূক্ত কৰা হ’ব। এই নথিপত্ৰই বৰ্তমানৰ অৰ্থনৈতিক ব্যৱস্থাৰ কিছু পৰিকল্পনা দাঙি ধৰিব।
কেনেকৈ গঠন কৰা হয় এই সমীক্ষাৰ নথি-পত্ৰসমূহ?
অৰ্থনৈতিক সমীক্ষাৰ নথি-পত্ৰসমূহ দুটা অংশত বিভক্ত কৰা হৈছে। প্ৰথম অংশত দেশৰ অৰ্থনৈতিক বিকাশ আৰু প্ৰত্যাহ্বানসমূহ অন্তৰ্ভূক্ত হৈ থাকে যিয়ে দেশৰ অৰ্থনীতিৰ ওপৰত এটা সামগ্ৰিক পৰ্যালোচনা প্ৰদান কৰে। দ্বিতীয় অংশত বিগত বৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে, ২৩ জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব ২০২৪-২৫ বৰ্ষৰ পূৰ্ণাংগ বাজেট।বিত্তমন্ত্ৰীয়ে এই বাজেটত দেশৰ জনসাধাৰণৰ বাবে বহুতো সুবিধা মুকলি কৰিব। বাজেটত বিশেষকৈ কৃষি, দেশৰ আন্তঃগাঁথনি, বিনিয়োগ আদি দিশত গুৰুত্ব আৰোপ কৰা হ’ব। বিত্তমন্ত্ৰীৰ বাজেটত চৰকাৰী কৰ্মচাৰীৰ বাবেও বহুকেইটা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।











