পবিত্ৰ শাওন মাহে হৰিদ্বাৰলৈ ভক্তৰ বিপুল সমাগম হয়। কানৱাৰ যাত্ৰাৰ সময়ত লাখ লাখ লোকে গংগাত স্নান কৰিবলৈ ঘাটত উপস্থিত হয়। কিন্তু কেতিয়াবা এই ভক্তি আৰু বিশ্বাসৰ মাজত বিপদৰ পৰিস্থিতিও উদ্ভৱ হয়।
শেহতীয়াকৈ এনে এটা ঘটনা পোহৰলৈ আহিছে, যিয়ে সকলোকে জোকাৰি গৈছিল আৰু এতিয়া সেই ঘটনা ছচিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। জানো আহক সবিশেষ-
ভিডিঅ’টোত দেখা যায় যে এজন যুৱকে গংগা নদীত গা ধুবলৈ যাওঁতে নৈৰ প্ৰবল সোঁতে উটুৱাই লৈ যাবলৈ আৰম্ভ কৰে। নিজকে বচাবলৈ চেষ্টা কৰে যদিও পানীৰ শক্তিৰ সন্মুখত তেওঁ দুৰ্বল হৈ পৰে। তাৰ পাছত ঘাটত কৰ্তব্যত থকা এছ ডি আৰ এফৰ এজন জোৱান লগে লগে সময় নষ্ট নকৰাকৈ নদীত জপিয়াই পৰে। কিছু মুহূৰ্তৰ ভিতৰতে আন এজন জোৱানেও সহায় কৰিবলৈ পানীত জপিয়াই দিয়ে। একে সময়তে এছ ডি আৰ এফৰ এখন টহলদাৰী নাওৱো সেই স্থানত উপস্থিত হয়।
আটাইয়ে মিলি যুৱকজনক নিৰাপদে উলিয়াই আনে। নাওত উঠাই তেওঁক নিৰাপদ স্থানলৈ লৈ যোৱা হয়। এই সমগ্ৰ ঘটনাই এটা কথা স্পষ্ট কৰি দিছে যে এছ ডি আৰ এফ জোৱানসকলে প্ৰতিটো পৰিস্থিতিত নিজৰ কৰ্তব্যক সৰ্বোচ্চ কৰি ৰাখে আৰু প্ৰয়োজন হ’লে নিজৰ জীৱনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ আনৰ জীৱন ৰক্ষা কৰিবলৈ সাজু হৈ থাকে।
এই ঘটনা সাহস, সেৱা আৰু মানৱতাৰ নিদৰ্শন। কোটি কোটি ভক্তগন যেতিয়া ভক্তিৰে গংগাঘাটলৈ আহে, তেতিয়া প্ৰতিটো বিপদৰ মাজত সুৰক্ষাৰ দেৱাল হিচাপে থিয় দিছে এছডিআৰএফৰ দৰে শক্তি।