মঙলবাৰে দিনৰ ১১ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত দাখিল কৰে ২০২৪-২৫ বৰ্ষৰ পূৰ্ণাংগ বাজেট । বাজেট ভাষণ আৰম্ভ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে ধৰ্ম বা লিংগ নিৰ্বিশেষে সকলো ভাৰতীয়ৰে কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এইবাৰৰ বাজেটত মুলত: চাৰিটা শ্ৰেণীৰ ওপৰত গুৰুত্ব দিয়া হৈছে। দৰিদ্ৰ, মহিলা, যুৱ আৰু কৃষকসকলৰ বিকাশৰ বাবে গুৰুত্ব আৰোপ কৰা হৈছে বাজেটত।
বিশেষকৈ নিয়োগ, দক্ষতা, এম এছ এম ই আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ২ লাখ কোটি টকাৰ কেন্দ্ৰীয় ব্যয়ৰে ৫ বছৰৰ ভিতৰত ৪ কোটি যুৱক-যুৱতীৰ বাবে নিয়োগ আৰু অন্যান্য সুযোগৰ সুবিধাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৫ খন নতুন আঁচনি মুকলি কৰিব উল্লেখ কৰিছে।
ইয়াৰ উপৰিও চৰকাৰে নতুনকৈ চাকৰিত প্ৰৱেশ কৰা ৩০ লাখ যুৱক-যুৱতীক এমাহৰ পি এফ দিব। যিয়ে তেওঁলোকক যথেষ্টখিনি উৎসাহিত কৰিব। লগতে, মহিলাৰ বিকাশৰ বাবে থাকিব ৩ লাখ কোটিৰো অধিক টকাৰ আৱন্টন। ঔদ্যোগিক শ্ৰমিকসকলে লাভ কৰিব ছাত্ৰাবাসত থকাৰ সুবিধা।
এইবাৰৰ বাজেটত কৃষকৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। কৃষকসকলৰ বাবে সৰ্বমুঠ ১০ হাজাৰটা জৈৱ গৱেষণা কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে। কৃষিৰ বাবে ১.৫২ লাখ কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰ উপৰি ৫ কোটি কৃষকক স্থায়ী ভূমি পট্টা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে।
ইফালে, আগন্তুক ৫বছৰত দেশত উন্নত আৰু বিজ্ঞানসন্মত কৃষিপদ্ধতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে। বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে যে, ২০২৪ৰ এই বাজেটত বিকশিত ভাৰতৰ বাবে ৯টা বিশেষ দিশত গুৰুত্ব প্ৰদান কৰা হৈছে-
- কৃষি আৰু উৎপাদন
- ৰোজগাৰ আৰু দক্ষতা বিকাশ
- বিনিয়োগ আৰু সেৱা
- চহৰ অঞ্চলৰ বিকাশ
- দেশৰ গ্ৰামাঞ্চলৰ আন্তঃগাথঁনি নিৰ্মাণ
- নৱপ্ৰজন্মৰ বাবে নিয়োগ সৃষ্টি
- সকলো ধৰণৰ উদ্যোগৰ বিকাশ
- ডিজিটেল খণ্ডৰ বিকাশ সাধন