ক’ৰোনাৰ নমুনা সংগ্ৰহৰ বাবে গ্ৰহণ কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিজৰ ক্ষেত্ৰত দিল্লী উচ্চ ন্যায়ালয়ত শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কয় যে সমগ্ৰ দেশতে পৰীক্ষাৰ বাবে লোৱা নমুনা সংগ্ৰহ কৰি লেবলৈ প্ৰেৰণ কৰাৰ বাবে শীঘ্ৰে নতুন নিয়ম প্ৰণয়ন কৰা হৈছে। এই নিয়মসমূহ ইতিমধ্যে অনুমোদন কৰা হৈছে আৰু অহা তিনিমাহৰ ভিতৰত এই নিয়মসমূহ অৱগত কৰা হ’ব।
এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ে দিল্লী উচ্চ ন্যায়ালয়ত ন্যায়াধীশ অনিশ দয়ালৰ বিচাৰপীঠত প্ৰতিবেদন দাখিল কৰে। স্বাস্থ্য মন্ত্ৰালয়ে আদালতক দিয়া প্ৰতিবেদনত কোৱা হৈছে যে ইয়াৰ বাবে ৪খন ভিন্ন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল। এই সমিতিসমূহে বহু বিবেচনাৰ অন্তত নিয়মৰ খচৰা প্ৰস্তুত কৰিছিল, যিটো পৰৱৰ্তী সময়ত স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধানে অনুমোদন জনাইছিল।
কেন্দ্ৰীয় চৰকাৰে আদালতত কয় যে, এতিয়া এই নিয়মসমূহ জনসাধাৰণৰ বাবে ৱেবছাইটত ৰখা হ’ব যাতে কোনোবাই যদি পৰামৰ্শ দিব বিচাৰে তেন্তে দিব পাৰে। নেচনেল কাউন্সিল ফৰ ক্লিনিকেল এক্সেলেন্সৰ পৰা অনুমোদন লাভ কৰাৰ পিছত এই নিয়মটো বৰ্তমান আইনী বিভাগত চোৱাচিতা কৰা হৈছে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতীয় ৰাজপত্ৰত প্ৰকাশ কৰি সেইবোৰ কাৰ্যকৰী কৰা হ’ব।
ড০ ৰোহিত জৈনে দিল্লী উচ্চ ন্যায়ালয়ত অৱমাননা আৱেদন দাখিল কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা আৱেদনত কোৱা হৈছিল যে কেন্দ্ৰীয় চৰকাৰে ২০২৩ চনৰ ২৭ জানুৱাৰী তাৰিখৰ দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰা নাই।লগতে প্ৰশাসনে ক’ৰোনাৰ নমুনা সংগ্ৰহ আৰু লোৱাৰ নূন্যতম মাপকাঠী প্ৰস্তুত কৰা নাছিল। অৱশ্যে অৱমাননা আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল।