ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন টেষ্টত অতি ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে ভাৰতীয় ক্ৰিকেট দলে। শ্বাসৰুদ্ধকাৰী মেচখনত ভাৰতে ৬ ৰানত বিজয়ী হৈ শৃংখলা ২-২ত সমতা স্থাপন কৰে।
ভাৰতৰ এই বিজয়ত নায়কৰ ভূমিকা গ্ৰহণ কৰে বেগী বলাৰ মহম্মদ ছিৰাজে। মেচখনত ছিৰাজে লাভ কৰে ৯টা উইকেট। হাৰ নমনা মানসিকতাৰে অ’ভেল টেষ্টৰ অন্তিম দিনা বলিং কৰা ছিৰাজ এতিয়া বিশ্বজুৰি বন্দিত।
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক তথা কিম্বদন্তী এলান বোৰ্ডাৰেও ভাৰতীয় দলৰ প্ৰদৰ্শন আৰু মহম্মদ ছিৰাজৰ বলিঙক উচ্চ প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।
ছিৰাজ সন্দৰ্ভত বোৰ্ডাৰে কয় যে তেওঁ বিশ্ব ক্ৰিকেটৰ এজন প্ৰকৃত ক্ৰিকেটাৰ। ফক্স ক্ৰিকেটত দিয়া এটা সাক্ষাতকাৰৰ সময়ত বোৰ্ডাৰে মহম্মদ ছিৰাজৰ প্ৰশংসা কৰা পৰিলক্ষিত হয়।
তেওঁ কয়, ‘অন্তিম উইকেটটো অতি ডাঙৰ আছিল আৰু তেওঁলোক জয়ৰ যোগ্য, মই ভাবো তেওঁলোকে শৃংখলা হেৰুওৱাৰ যোগ্য নাছিল। টাৰ্গেট কম আছিল, কিন্তু মহম্মদ ছিৰাজে টেষ্টৰ আটাইতকৈ যাদুকৰী অন্ত পেলাইছিল। তেওঁ বিশ্ব ক্ৰিকেটৰ এজন প্ৰকৃত খেলুৱৈ।’
উল্লেখ্য যে, অ’ভেলত অনুষ্ঠিত পঞ্চম টেষ্টৰ দ্বিতীয় ইনিংছত ছিৰাজে ৫টা উইকেট দখল কৰি ইংলেণ্ডক ছয় ৰানত পৰাস্ত কৰে। এই জয়ৰ ফলত ভাৰতে শৃংখলাটো ২-২ত সমতা স্থাপন কৰে। মেচখনত ছিৰাজে ৯টা উইকেট দখল কৰি ‘মেন অৱ দ্য মেচ’ বঁটা লাভ কৰাই নহয়, অনুৰাগীৰ পৰাও যথেষ্ট প্ৰশংসা লাভ কৰে।










