ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা শুল্ক যুদ্ধৰ মাজতে শুকুৰবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুয়োগৰাকী নেতাই ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ সম্পৰ্কত আলোচনা কৰে।
ইয়াৰ মাজতে পুটিনে ইউক্ৰেইনৰ সৈতে জড়িত শেহতীয়া পৰিঘটনাসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয় যে ভাৰতে এই সংঘাতৰ শান্তিপূৰ্ণ সমাধান সদায় বিচাৰে।
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনে ভাৰত আৰু ৰাছিয়াৰ বিশেষ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে।
ফোনযোগে বাৰ্তালাপৰ সময়তে বছৰৰ শেষত ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক দ্বিপাক্ষিক সন্মিলনলৈও প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পুটিনক আমন্ত্ৰণ জনায়। এই সন্মিলন দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ এক বৃহৎ সুযোগ বুলি প্ৰমাণিত হ’ব পাৰে।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰাৰ এদিন পূৰ্বে অৰ্থাত বৃহস্পতিবাৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাইও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী মোদী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ এই বাৰ্তালাপে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব বুলি ধাৰণা কৰা হৈছে।
উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু ব্ৰাজিৰ ওপৰত ৫০ শতাংশকৈ শুল্ক আৰোপ কৰিছে। ট্ৰাম্পৰ এই শুল্ক যুদ্ধৰ বাবেই এতিয়া ভাৰত আৰু ব্ৰাজিলৰ সম্পৰ্ক অধিক দৃঢ় হোৱা পৰিলক্ষিত হৈছে।