দেওবাৰে পুৱা উত্তৰ প্ৰদেশৰ বাৰানসীত সংঘটিত হয় এক ডাঙৰ ঘটনা। বাৰানসী চৌকস্থিত আত্মবিশ্বেশ্বৰ মন্দিৰত হঠাতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত বহু লোক অগ্নিদগ্ধ হোৱাৰ খবৰ আহিছে।
এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি, অগ্নিকাণ্ডৰ ফলত ৭ জন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয় আৰু তেওঁলোকক সমীপৱৰ্তী এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
মন্দিৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় আৰক্ষী প্ৰশাসনে শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে তদন্তৰ অন্ততহে আচল কাৰণ জানিব পৰা যাব বুলি উল্লেখ কৰে প্ৰশাসনে।
এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় নেতা, বিধায়ক, বিৰোধী দলৰ নেতা আৰু আৰক্ষী প্ৰশাসনে নিশা ঘটনাস্থলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
এই অগ্নিকাণ্ডৰ ফলত আঘাতপ্ৰাপ্ত হোৱা লোক কেইজন সম্প্ৰতি বিপদ মুক্ত বুলি হাস্পতাল কৰ্তৃপক্ষই জানিব দিয়ে।