পাকিস্তানৰ বেলুচিস্তানত পুনৰবাৰ সংঘটিত হৈছে এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ। এই আক্ৰমণত কমেও ৯ জন পাকিস্তানী জোৱান নিহত হোৱাৰ খবৰ পোৱা গৈছে। মঙলবাৰে এই আক্ৰমণ সন্দৰ্ভত তথ্য প্ৰদান কৰিছে বিষয়াসকলে।
ৱাশ্বুক জিলাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, সন্ত্ৰাসবাদীৰ এটা বৃহত দলে এখন থানা আৰু এটা সীমান্ত বাহিনী কমপ্লেক্সত আক্ৰমণ চলাইছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বিষয়াগৰাকীয়ে নাম প্ৰকাশ নকৰাৰ চৰ্তত কয়, ‘সেনাৰ দলটোৱে অঞ্চলটোত তহল দি থকা সময়তে সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। সন্ত্ৰাসবাদীৰ এই নৃশংস আক্ৰমণত ৯ জন জোৱানৰ মৃত্যু হয়।’
ইয়াৰ পূৰ্বে, সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ বেলুচিস্তানত জাফৰ এক্সপ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। পাকিস্তানৰ দক্ষিণ-পশ্চিম বেলুচিস্তান প্ৰদেশৰ মাষ্টুং জিলাত সংঘটিত হৈছে এই ঘটনা। বিস্ফোৰক সামগ্ৰীৰে ৰে’ল ট্ৰেক উৰুৱাই দিয়াত জাফৰ এক্সপ্ৰেছৰ ছটা ডবা বাগৰি পৰে। এই ঘটনাত চাৰিজন লোক আহত হয়।
উল্লেখ্য যে, প্ৰায় দুটা দশক ধৰি অশান্ত হৈ আছে বেলুচিস্তান। স্থানীয় বেলুচ জনগোষ্ঠী আৰু তেওঁলোকৰ সৈতে জড়িত অন্যান্য দলসমূহে অভিযোগ কৰে যে পাকিস্তান চৰকাৰে প্ৰদেশখনৰ খনিজ সম্পদৰ শোষণ কৰি আহিছে। ইয়াক লৈ আৰম্ভ হোৱা সংঘাতৰ বাবেই শেহতীয়াকৈ বেলুচ বিদ্ৰোহীয়ে পাকিস্তানৰ নিৰাপত্তা বাহিনীক লক্ষ্য কৰি কেইবাটাও মাৰাত্মক আক্ৰমণ সংঘটিত কৰিছে।