ইজৰাইলে এতিয়া হামাছৰ বিৰুদ্ধে সামৰিক অভিযান তীব্ৰতৰ কৰিবলৈ সাজু হৈছে। এই কাৰণেই প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে গাজা ষ্ট্ৰিপত উপস্থিত সাধাৰণ নাগৰিকক সতৰ্কবাণী জাৰি কৰিছে।
এক প্ৰতিবেদন অনুসৰি, তেওঁলোকক গাজা খালী কৰিবলৈ সময় দিয়া হৈছে। এতিয়া শীঘ্ৰে মাৰাত্মক আক্ৰমণৰ নিৰ্দেশ দিব পাৰিব নেতান্যায়াহুৱে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকে ধৰি বহু বিশ্ব নেতাই পেলেষ্টাইনীক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। ইজৰাইলকো এই যুদ্ধৰ বাবে নিন্দা কৰা হৈছিল। ইফালে নেতান্যায়াহুৱে পেলেষ্টাইনীসকলক যুদ্ধক্ষেত্ৰ এৰি যাবলৈ কৈছে। আনহাতে ইজিপ্তেও ৬০ দিনৰ বাবে যুদ্ধবিৰতিৰ বাবে আবেদন জনাইছিল।
ইজৰাইলক লৈ গাজা সম্পূৰ্ণৰূপে দখল কৰিব বুলি আলোচনা হৈছিল যদিও নেতান্যায়াহুৱে এই সন্দৰ্ভত বেলেগ বক্তব্য দিছিল। তেওঁ কৈছিল যে, ইজৰাইলে এই কাম নকৰে, কিন্তু এতিয়া তেওঁৰ উদ্দেশ্য সলনি হোৱা যেন লাগে। ইজৰাইলে দখল কৰিলেও ইজৰাইলে নিজকে শাসন নকৰে বুলিও কৈছিল নেতান্যায়াহুৱে।
নেতান্যায়াহুৱে কয় যে, গাজাত হামাছৰ বিৰুদ্ধে চলি থকা যুদ্ধ এতিয়া অন্ত পৰাৰ ওচৰ চাপিছে। জেৰুজালেমত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ এই বক্তব্য দিছিল।
উল্লেখ্য যে, ইজৰাইল আৰু গাজাৰ মাজত যুদ্ধ দীৰ্ঘদিন ধৰি চলি আহিছে। ইয়াৰ বাবে এতিয়ালৈকে হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে। লগতে সমগ্ৰ অঞ্চলটোত অনাহাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।