উচ্চ ৰক্তচাপ আজিৰ সময়ৰ অন্যতম সাধাৰণ সমস্যা। উচ্চ ৰক্তচাপ হ’লে শিৰাৰ বেৰত ৰক্তচাপ বাঢ়ি যায়। যদি সময়মতে যত্ন লোৱা নহয়, তেন্তে এই সমস্যাই বিপদৰ কাৰণ হৈ পৰিব পাৰে।
উল্লেখ্য যে, দুৰ্বল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসো উচ্চ ৰক্তচাপৰ সাধাৰণ কাৰণসমূহৰ ভিতৰত অন্যতম। ইয়াৰ ফলত হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি পাব পাৰে। উচ্চ ৰক্তচাপ ৰোগীয়ে খাদ্যৰ পৰা নিমখ কমাব লাগে। কাৰণ নিমখৰ অত্যাধিক সেৱনে এই সমস্যা বৃদ্ধি কৰিব পাৰে।
১.সেউজীয়া শাক-পাচলি
সেউজীয়া শাক-পাচলি স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি বিবেচিত হয়। যদি আপুনি উচ্চ ৰক্তচাপ ৰোগী, তেন্তে আপুনি খাদ্য তালিকাত কচু, কবি, বন্ধাকবি, ভেন্দি আৰু বিলাহী আদি সেউজীয়া পাতৰ শাক-পাচলি অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ দ্বাৰা উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে।
২) দৈ
দৈনিক দৈ সেৱন কৰিলে শৰীৰত বহু উপকাৰ পোৱা যায়। দৈয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। যদি আপুনি উচ্চ বি পি ৰোগী, তেন্তে কম চৰ্বিযুক্ত দৈ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।
৩.কিউই
কিউই ভিটামিন চিৰ ভাল উৎস বুলি গণ্য কৰা হয়।দৈনিক কিউই সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায়ক হয়। ইয়াৰ উপৰিও কিউই সেৱনে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পাৰে।
৪.হালধি
উচ্চ ৰক্তচাপ ৰোগীয়ে খাদ্যত হালধি অন্তৰ্ভুক্ত কৰিব লাগিব। ৰক্তচাপ নিয়ন্ত্ৰণ আৰু উচ্চ বি পি নিয়ন্ত্ৰণত ই সহায়ক। ৰাতিপুৱা খালী পেটত কেঁচা নহৰুও গ্ৰহণ কৰিব পাৰে।