জম্মু-কাশ্মীৰৰ কিস্তৱাৰৰ পিছত এইবাৰ কঠুৱাত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। জিলাখনৰ জোড় অঞ্চলত সংঘটিত এই ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে। কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই তথ্য প্ৰদান কৰে।
এই ডাৱৰ বিস্ফোৰণৰ ফলত অঞ্চলটোৰ বিভিন্ন লোকৰ বাসগৃহৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ৰে’লৱে ট্ৰেকো ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ঘটনাৰ পিছতে স্থানীয় লোক, প্ৰশাসন, সেনা আৰু অৰ্ধসামৰিক বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
জম্মু-পাঠানকোট ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্ত হৈছে। বন্ধ কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা টিউব। বৰ্তমান ক্ষয়-ক্ষতিৰ অনুমান কৰাটো কঠিন। সাহায্য আৰু উদ্ধাৰৰ কামৰ বাবে উদ্ধাৰকাৰী দল উপস্থিত হৈছে।
উল্লেখ্য যে, বিগত চাৰিদিনৰ ভিতৰত জম্মু-কাশ্মীৰত এইটো দ্বিতীয় ডাৱৰ বিস্ফোৰণৰ ঘটনা। কঠুৱাৰ পূৰ্বে ১৪ আগষ্টত কিস্তৱাৰত সংঘটিত ডাৱৰ বিস্ফোৰণত অতি কমেও ৬৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক গুৰুতৰভাৱে আহত হৈছে।