দেশত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ওচৰ চাপিছে। ২১ জুলাইত জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছিল। সেয়ে নতুন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।
শাসকীয় মিত্ৰজোঁটে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক। একে সময়তে বিৰোধী দলসমূহে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।
শাসক-বিৰোধীয়ে নিজৰ নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পিছতেই এতিয়া সাধাৰণ লোকৰ মাজত এটা প্ৰশ্নৰ উদয় হৈছে যে এই নিৰ্বাচনত জয়ী হ’বলৈ কিমান ভোটৰ প্ৰয়োজন? এন ডি এ আৰু বিৰোধী মিত্ৰজোঁটৰ কিমানজন সাংসদ আছে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানো আহক।
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কেতিয়া?
নিৰ্বাচন আয়োগে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনৰ সময়সূচী প্ৰকাশ কৰিছে। অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন। এই নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণন আৰু বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰাক্তন বিচাৰক বি সুদৰ্শন ৰেড্ডীৰ মাজত হ’ব।
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়সূচী
নিৰ্বাচন আয়োগৰ দ্বাৰা জাৰি কৰা অধিসূচনা- ০৭ আগষ্ট, ২০২৫ (বৃহস্পতিবাৰ)
মনোনয়নৰ অন্তিম তাৰিখ- ২১ আগষ্ট, ২০২৫ (বৃহস্পতিবাৰ)
মনোনয়ন পত্ৰৰ তদন্তৰ তাৰিখ- ২২ আগষ্ট, ২০২৫ (শুকুৰবাৰ)
প্ৰাৰ্থী প্ৰত্যাহাৰৰ অন্তিম তাৰিখ- ২৫ আগষ্ট, ২০২৫ (সোমবাৰ)
প্ৰয়োজন হ’লে ভোটগ্ৰহণ কৰা তাৰিখ- ৯ ছেপ্টেম্বৰ, ২০২৫ (মঙলবাৰ)
ভোটদানৰ সময়- পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ।
ভোটগণনাৰ তাৰিখ- ৯ ছেপ্টেম্বৰ, ২০২৫ (মঙলবাৰ)
লোকসভাৰ পৰিসংখ্যা
লোকসভাত মুঠ ৫৪২ গৰাকী সাংসদ
চৰকাৰৰ আছে: ২৯৩ জন সাংসদ
বিৰোধী দলত আছে: ২৪৯ জন সাংসদ
নন-এনডিএ আৰু নন-ইণ্ডিয়া ব্লক ১৫ জন সাংসদ
ৰাজ্যসভাৰ পৰিসংখ্যা
ৰাজ্যসভাত মুঠ ২৪০ জন সাংসদ
চৰকাৰৰ সৈতে আছে: ১৩৪ জন সাংসদ
বিৰোধীৰ সৈতে আছে: ১০৬ জন সাংসদ
নন এন ডি এ আৰু নন ইণ্ডিয়া ব্লকত আছে ৩০ জন সাংসদ।
সংখ্যাগৰিষ্ঠতাৰ বাবে কিমান ভোটৰ প্ৰয়োজন?
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন হ’ব ৩৯২জন সাংসদৰ। তথ্য অনুসৰি চৰকাৰখনক ৪২৭জন সাংসদৰ সমৰ্থন পোৱা বুলি কোৱা হৈছে।
উল্লেখ্য যে এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে ২০ আগষ্টত মনোনয়ন দাখিল কৰিব। ২১ আগষ্টত বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে মনোনয়ন দাখিল কৰিব।