অনলাইন গেমিং আৰু জুৱাৰ লগত জড়িত ধনৰ অবৈধ সৰবৰাহৰ গোচৰৰ সংক্ৰান্তত আইন বলৱৎকাৰী সঞ্চালকালয়ে (ই ডি) শনিবাৰে কৰ্ণাটকৰ কংগ্ৰেছৰ বিধায়ক কে চি বীৰেন্দ্ৰ পেপিক ছিকিমৰ গেংটকৰ পৰা গ্ৰেপ্তাৰ কৰে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বাংগালুৰু, চিত্ৰদূৰ্গ, মুম্বাই, গোৱা আৰু গেংটককে ধৰি মুঠ ৩১টা স্থানত তালাচী চলাইছিল। গোৱাৰ পাঁচটা কেচিনটো চলোৱা হৈছিল তালাচী অভিযান।
এই অভিযানৰ সময়ত নগদ ১২ কোটি টকা (এক কোটি বিদেশী মুদ্ৰা), ৬ কোটি টকাৰ সোণ, ১০ কিলো ৰূপ আৰু চাৰিখন বিলাসী বাহন। ইয়াৰ লগতে ১৭টা বেংক একাউণ্ট আৰু ২টা লকাৰো ফ্ৰীজ কৰি দিয়ে।
তদন্তত প্ৰকাশ পাইছে যে বিধায়কগৰাকী আৰু তেওঁৰ ভাতৃয়ে অনলাইন বেটিং চাইট King567 আৰু Raja567 চলাই আছিল। ডুবাইৰ কোম্পানীসমূহৰ জৰিয়তে ধন প্ৰবাহিত হৈছিল আৰু অবৈধ উপাৰ্জনক হোৱাইট মানি কৰাৰ চেষ্টা কৰা হৈছিল।
ইফালে বিধায়ক কে চি বীৰেন্দ্ৰই এটা কেচিনো লিজত ল’বলৈ গেংটকত উপস্থিত হোৱাৰ পিছতে ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত বিধায়কগৰাকীক ট্ৰেনজিট ৰিমাণ্ডত বাংগালুৰু আদালতলৈ লৈ যোৱা হৈছে।
ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধী আইন (পি এম এল এ)ৰ অধীনত এই কাৰ্যপন্থা গ্ৰহণ কৰে।