উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত সংঘটিত হৈছে এক কৰুণ ঘটনা। গুডাম্বা থানাৰ অন্তৰ্গত এটা ফটকা কাৰখানাত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত ৬ জন লোকৰ মৃত্যু। ঘটনাটোত বহু লোক আহত হোৱাৰো খবৰ পোৱা গৈছে।
তথ্য অনুসৰি, আলম নামৰ এগৰাকী ফটকা ব্যৱসায়ীয়ে নিজ বাসগৃহত ফটকা তৈয়াৰ কৰি থকাৰ সময়তে এটা বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ পিছতে ঘৰটো জুইয়ে আৱৰি ধৰে। এই অগ্নিকাণ্ডৰ ফলতেই ব্যৱসায়ী আলম, পত্নী আৰু দুই পুত্ৰৰ থিতাতে মৃত্যু হয়।
আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক লগে লগে ওচৰৰ হাস্পতালত ভৰ্তি কৰোৱা হয় য’ত ২ জন লোকৰ মৃত্যু হয়। বিস্ফোৰণৰ পিছত ধ্বংসস্তুপত পৰিণত হোৱা ঘৰটোৰ তলত এতিয়াও তিনিজন লোক আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে।
ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এছ ডি আৰ এফৰ দলে সেই স্থানত উপস্থিত উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহত লোকসকলক এম্বুলেন্সৰ জৰিয়তে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
বিস্ফোৰণৰ তীব্ৰতা ইমানেই আছিল যে চাৰিওফালৰ অঞ্চলত নিস্তব্ধতা বিৰাজ কৰিছিল। স্থানীয় ৰাইজে জনোৱা মতে, বিস্ফোৰণৰ শব্দ কেইবা কিলোমিটাৰ দূৰলৈকে শুনা গৈছিল, যাৰ ফলত অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
ইফালে আৰক্ষীয়ে আৰম্ভ কৰা প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ঘৰটোত বৃহৎ পৰিমাণৰ বাৰুদ মজুত কৰি ৰখা হৈছিল, যাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।