আজি ছত্তীশগড়ৰ নাৰায়ণপুৰ আৰু দন্তেৱাড়া সীমান্তত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত ৰাতিপুৱাৰে পৰা ভয়ংকৰ সংঘৰ্ষ চলি আছে। এছ টি এফ, ডি আৰ জি কোবৰা আৰু নাৰায়ণপুৰৰ এটা নিৰাপত্তাৰক্ষীৰ দলে যুটীয়াভাৱে চলাই থকা অভিযানত এইপৰ্যন্ত ৬ গৰাকী মাওবাদীৰ মৃত্যু আৰু কেইবাজনো আহত হোৱাৰ খবৰ পোৱা গৈছে।
নাৰায়ণপুৰ আৰু দন্তেৱাড়াৰ সীমান্তৰ পূব বস্তৰ অঞ্চলত দুয়ো পক্ষৰ মাজত দীৰ্ঘ সময়ৰ পৰা এই সংঘৰ্ষ চলি আছে।
উল্লেখ্য যে, ছত্তীশগড়ৰ পৰা মাওবাদী সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলি ধাৰাবাহিকভাৱে চলাই গৈছে অভিযান। নিৰাপত্তাৰক্ষীৰ নিৰন্তৰ অভিযানত মাওবাদীৰ কেইবাগৰাকীও শীৰ্ষ কামাণ্ডাৰৰ ইতিমধ্যে মৃত্যু হৈছে।
ইফালে, ইতি পূৰ্বেই গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰি থৈছে যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত সমগ্ৰ দেশৰ পৰা নিৰ্মূল হ’ব মাওবাদীৰ সমস্যা। গৃহমন্ত্ৰীৰ এই ঘোষণা আৰু প্ৰতিশ্ৰুতিৰ পিছতেই মাও অধ্যুষিত অঞ্চলসমূহত অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তাৰক্ষীয়ে।