ছিপাঝাৰৰ নাৰিকলিত সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা ত্ৰিপ’ল মাৰ্ডাৰৰ ঘটনা। এটা পৰিয়ালৰ তিনিজন সদস্যক অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰাৰ খবৰ লাভ কৰা গৈছে।
হত্যাৰ বলি হোৱা পৰিয়ালটোৰ সদস্য কেইজন হৈছে দীপক নাথ, দীপক নাথৰ পত্নী প্ৰতিমা নাথ আৰু তেওঁলোকৰ সন্তান ধৃতিৰাজ নাথ। ধৃতিৰাজ নাথ সপ্তম শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।
কোনে কি কাৰণত পৰিয়ালটোৰ তিনিজন সদস্যক হত্যা কৰিলে সেই কথা এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। সম্প্ৰতি এই ঘটনাক লৈ সমগ্ৰ ছিপাঝাৰৰ নাৰিকলিত চাঞ্চল্যময় পৰিৱেশে বিৰাজ কৰি আছে।