এসপ্তাহৰ ভিতৰত আপুনি কমাব পাৰে শৰীৰৰ ৩ কিঃগ্ৰাঃ পৰ্যন্ত ওজন! শৰীৰৰ ওজন বৃদ্ধিক লৈ হীনমন্যতাত ভুগিছে নেকি? কমাব বিচাৰিছে নেকি শৰীৰৰ মেদবহুলতা। উপযুক্ত খাদ্যভাসেৰে আপুনি কমাব পাৰে শৰীৰৰ ওজন।
এটা সুস্থ সবল সুন্দৰ শৰীৰ সকলোৱে বিচাৰে। পিছে ওজন বৃদ্ধিৰ ফলত বহু লোকে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হয়। উপযুক্ত খাদ্যভাসেৰে আপুনি এসপ্তাহৰ ভিতৰত ২ ৰ পৰা ৩ কিলোগ্ৰাম পৰ্যন্ত ওজন হ্ৰাস কৰিব পাৰে।
শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে কি কি খাব পাৰে আপুনি
প্ৰথম দিনা ৰাতিপুৱাৰ আহাৰত আপুনি ২ টা কণী আৰু ওটচ খাব পাৰে। দুপৰীয়াৰ আহাৰত চোয়া পুলাওৰ লগতে চালাড খাব পাৰে।
দ্বিতীয় দিনা, ৰাতিপুৱা জোৱাৰেৰে প্ৰস্তুত কৰা খাদ্যৰ লগতে দৈ খাব পাৰে। জোৱাৰৰ পৰা তৈয়াৰ কৰা ব্যঞ্জন গ্ৰহণ কৰি বৰ্ধিত ওজন কেইদিনমানৰ ভিতৰত সহজে হ্ৰাস কৰিব পাৰি । দুপৰীয়াৰ আহাৰত মিশ্ৰিত পাচলি, ৰুটি আৰু চালাড খাব পাৰে। ৰাতিৰ আহাৰত ব্ৰেড পনীৰ ভুৰ্জি চেণ্ডউইচ খাব পাৰে।
তৃতীয় দিনা ৰাতিপুৱাৰ আহাৰত কল-চীনাবাদাম বাটাৰৰ স্মুদিং খাব পাৰে। ইয়াৰ পিছত দুপৰীয়াৰ আহাৰত পাচলি, দৈ, কণী, ৰুটি আৰু চালাড খাব পাৰে। একে সময়তে, ৰাতিৰ আহাৰত পাচলিৰ কুইনোৱা খাব পাৰে।
চতুৰ্থ দিনটোত, ৰাতিপুৱাৰ আহাৰত ২ টা কণীৰ অমলেট আৰু টোষ্ট খাব পাৰে। দুপৰীয়াৰ আহাৰত ডোচা আৰু চাম্বাৰ খাব পাৰে। একে সময়তে, ৰাতিৰ আহাৰত পাচলি আৰু পনীৰ খাব পাৰে।
পঞ্চম দিনা ৰাতিপুৱাৰ আহাৰত পুদিনা চাটনিৰ সৈতে চীলা খাব। ইয়াৰ পিছত, দুপৰীয়াৰ আহাৰত ৰাজমা, ভাত আৰু চালাড খাব পাৰে। ৰাতিৰ আহাৰত গজালি ওলোৱা মগু, তিয়ঁহ-বিলাহী আৰু পিয়াজৰ চালাড খাব পাৰে।
ষষ্ঠ দিনা, ৰাতিপুৱাৰ আহাৰত ভেজ পোহা খাব পাৰে। ইয়াৰ পিছত দুপৰীয়াৰ আহাৰত দাইল, পাচলি, ৰুটি আৰু চালাড খাব পাৰে।
সপ্তম দিনা ৰাতিপুৱাৰ আহাৰত ইডলি খাব পাৰে। দুপৰীয়াৰ আহাৰত মটৰ পনীৰ, তিয়ঁহ ৰায়তা, ৰুটি আৰু চালাড খাব পাৰে।
ইয়াৰ লগতে দৈনিক ২ টাকৈ বতৰৰ ফল খোৱাৰ লগতে পানী খাই থাকিব লাগে। স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰাৰ লগতে দৈনিক ব্যায়াম আৰু সুন্দৰ এটি মনেৰে শৰীৰ ভালে ৰাখিব পাৰি।