১৩ আৰু ১৪ ছেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীত সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে, মঙলদৈ আৰু নুমলীগড়লৈয়ো যাব প্ৰধানমন্ত্ৰী গৰাকী।
১৩ ছেপ্টেম্বৰৰ আবেলি বৰঝাৰত অৱতৰণ কৰিব মোদীৰ বিমান। খানাপাৰাৰত অনুষ্ঠিত হ’বলগীয়া সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ বিশাল অনুষ্ঠানত ১২০০ কৈ অধিক শিল্পীয়ে পৰিৱেশন কৰিব ভূপেন হাজৰিকাৰ ১৪ টা কালজয়ী গীত। উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব সুধাকণ্ঠৰ জীৱনী। ভূপেন দাৰ প্ৰতিচ্ছবি সম্বলিত মুদ্ৰাও মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে।
১৪ ছেপ্টেম্বৰত অসমত কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰিব মোদীয়ে।১৮,৫৩০ কোটি টকা ব্যয়সাপেক্ষে তেওঁ কেইবাটাও প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰিব। দৰঙত কেইবাটাও উন্নয়ণমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দৰং মেডিকেল কলেজ হাস্পতাল, GNM স্কুল নাৰ্চিং স্কুলৰো আধাৰশিলা স্থাপন কৰিব। গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ শিলান্যাস আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত কুৰুৱা-নাৰেংগী দলঙৰ কামৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। নুমলীগড় শোধনাগাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বায়’ৰিফাইনেৰী।
অসমৰ পৰা মণিপুৰলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৫ ছেপ্তেম্বৰত মণিপুৰত ৭৩০০ কোটি ব্যয়সাপেক্ষে উন্নয়ণমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব। আকৌ মিজোৰামৰ আইজলত ৯০০০ কোটি ব্যয়সাপেক্ষে উন্নয়ণমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব।