নেপালত জেন-জি আন্দোলনৰ ফলত ক্ষমতাচ্যুত হোৱা কে পি শৰ্মা অলীৰ পিছত দেশখনৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল’ব সুশীলা কাৰ্কীয়ে। প্ৰতিবাদকাৰীসকল সন্মত হোৱাৰ পিছত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰূপে সুশীলা কাৰ্কীয়ে আজি নিশাই শপত লোৱাৰ সম্ভাৱনা আছে।
চৰকাৰৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ নেতৃত্ব প্ৰদান কৰা জেন-জিৰ প্ৰতিনিধি, সেনা প্ৰধান আৰু ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলৰ লগতে বিভিন্ন পক্ষৰ মাজত হোৱা আলোচনাৰ অন্তত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে সুশীলা কাৰ্কীৰ নাম চূড়ান্ত কৰা হয়।
দিনজোৰা আলোচনাৰ অন্তত প্ৰতিনিধি সদন ভংগ কৰি অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্কীক নিযুক্তি দিয়াৰ ক্ষেত্ৰত সকলো পক্ষই ঐক্যমতত উপনীত হয়।
ইফালে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে প্ৰধান দলসমূহৰ শীৰ্ষ নেতাসকলক কয় যে তেওঁ প্ৰতিনিধি সদন ভংগ কৰাৰ সিদ্ধান্ত ল’বলৈ ওলাইছো আৰু শীঘ্ৰে সুশীলা কাৰ্কীক প্ৰধানমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰাবলৈ সাজু।
সুশীলা কাৰ্কীৰ বিষয়ে কিছু তথ্য
উল্লেখ্য যে, নেপালৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ আছিল সুশীলা কাৰ্কী। ১৯৫২ চনৰ ৭ জুনত বিৰাটনগৰত জন্মগ্ৰহণ কৰা সুশীলাই নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছিল।
১৯৭৯ চনত ওকালতি আৰম্ভ কৰাৰ পিছত ২০০৭ চনত কাৰ্কীক জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি দিয়া হয়। ২০০৯ চনত নেপালৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ন্যায়াধীশ হোৱাৰ পিছত ২০১০ চনত তেওঁক স্থায়ীভাৱে নিযুক্ত দিয়া হয়।
ইয়াৰ পিছত ২০১৬ চনৰ ১১ জুলাইৰ পৰা ২০১৭ চনৰ ৬ জুনলৈকে নেপালৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰে। এই সময়ছোৱাত তেওঁ দুৰ্নীতিৰ বহু বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাও পৰিলক্ষিত হয়।