অপাৰেশ্যন সেন্দূৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে কৰি অহা মধ্যস্থতাৰ দাবী যে মিছা আছিল সেই কথা উদঙাই দিলে পাকিস্তানে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দাৰে কয় যে আমেৰিকাই নিজেই যুদ্ধবিৰতিৰ প্ৰস্তাৱ লৈ আহিছিল যদিও ভাৰতে এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰা নাছিল।
অপাৰেশ্যন সেন্দূৰৰ সময়ত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী তথা উপ-প্ৰধানমন্ত্ৰী ইছহাক দাৰে সংবাদ মাধ্যমৰ আগত মুকলিকৈ মনৰ কথা প্ৰকাশ কৰে।
ইছহাক দাৰৰ মতে, মাৰ্কো ৰুবিঅ’ই তেওঁক কৈছিল যে ভাৰতে যুদ্ধবিৰতিৰ বাবে কোনো তৃতীয় পক্ষৰ মধ্যস্থতা গ্ৰহণ নকৰে কাৰণ এয়া দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বিষয়।
আল জাজিৰাক দিয়া এক সাক্ষাৎকাৰত ইছহাক দাৰে কয় যে পাকিস্তানে ভাৰতৰ সৈতে আলোচনাৰ বাবে কেইবাবাৰো উদ্যোগ লৈছিল। ইছহাক দাৰক প্ৰশ্ন কৰা হৈছিল যে দুয়োখন দেশৰ মাজত তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবে পাকিস্তান সাজু নে? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘তৃতীয় পক্ষৰ মধ্যস্থতাত আমাৰ কোনো আপত্তি নাই, কিন্তু ভাৰতে স্পষ্টকৈ কৈছে যে এইটো এটা দ্বিপাক্ষিক বিষয়। আমি যেতিয়া ২৫ জুলাইত ৱাশ্বিংটনত মাৰ্কো ৰুবিঅ’ক আলোচনাৰ কথাটো কি হ’ল বুলি সুধিছিলো, তেতিয়া তেওঁ কয় যে ভাৰতে ইয়াক দ্বিপাক্ষিক বিষয় বুলি গণ্য কৰে।’
পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে কয় যে ইছলামবাদ দ্বিপাক্ষিক আলোচনাৰ বাবে সাজু, কিন্তু আলোচনাৰ বাবে ভিক্ষা নোখোজে।
তেওঁ কয়, ‘যদি কোনো দেশে আলোচনা বিচাৰে তেন্তে আমি সুখী হ’ম, কিন্তু আমি ভিক্ষা খোজা নাই। আমি এখন শান্তিপ্ৰেমী দেশ। আমি বিশ্বাস কৰো যে আলোচনাই হৈছে আগুৱাই যোৱাৰ পথ। স্পষ্টভাৱে আলোচনাৰ বাবে দুজন লোকৰ প্ৰয়োজন। আমি ভাৰতক আলোচনা কৰিবলৈ বাধ্য কৰিব নোৱাৰো।’
ইছহাক দাৰৰ বক্তব্যই নিশ্চিত কৰিছে যে অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতে কেতিয়াও তৃতীয় পক্ষৰ মধ্যস্থতা গ্ৰহণ কৰা নাছিল। ইয়াৰ পৰা এইটোও স্পষ্ট হৈ পৰিল যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ সিদ্ধান্ত দুয়োখন দেশৰ ডি জি এম অ’ৰ মাজত হোৱা আলোচনাৰ অন্তত লোৱা হৈছিল।