বাংলাদেশৰ শিক্ষা ব্যৱস্থা সম্প্ৰতি এক বৃহৎ বিতৰ্কৰ কেন্দ্ৰবিন্দু। মহম্মদ ইউনুছ প্ৰশাসনে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত প্ৰাথমিক বিদ্যালয়সমূহত সংগীত আৰু নৃত্যৰ শিক্ষক নিযুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ লক্ষ্য হৈছে শিশুসকলক শিল্প, সংস্কৃতি, আৰু সৃষ্টিশীল শিক্ষাৰ সৈতে সংযোগ কৰা।
এই কাৰণতে জামাত-ই-ইছলামী, খিলাফত মজলিছ, বাংলাদেশ খিলাফত আন্দোলনৰ দৰে উগ্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই সংগঠনসমূহে যুক্তি আগবঢ়ায় যে, কম বয়সতে সংগীত আৰু নৃত্য শিকোৱাটোৱে ধৰ্মীয় শিক্ষা দুৰ্বল কৰি তুলিব। ইয়াৰ ফলত শিশু নাস্তিক হৈ পৰিব পাৰে আৰু পৰৱৰ্তী প্ৰজন্মই ইছলামৰ ওপৰত বিশ্বাস হেৰুৱাব পাৰে। বিদ্যালয়ত ধৰ্মীয় আৰু নৈতিক শিক্ষা বাধ্যতামূলক কৰিব লাগে। এই নীতি অব্যাহত থাকিলে বাংলাদেশৰ ভৱিষ্যত বিপদত পৰিব। ইছলামিক মুভমেণ্ট বাংলাদেশৰ আমিৰ চৈয়দ ৰেজাউল কৰিমে কয় যে সংগীত আৰু নৃত্যই শিশুৰ মাজত দুৰ্নীতি আৰু নৈতিক অৱনতিৰ প্ৰসাৰ ঘটাব।
মৌলবাদী গোটসমূহে ইউনুছ প্ৰশাসনক সকীয়াই দিছে যে প্ৰাথমিক বিদ্যালয়ত কলা শিক্ষক নিযুক্তি দিলে ৰাজপথৰ প্ৰতিবাদ হ’ব আৰু ধৰ্মীয় শিক্ষক নিযুক্তি নোপোৱালৈকে তেওঁলোকে আন্দোলন অব্যাহত ৰাখিব। তেওঁলোকে দাবী কৰে যে, এই পদক্ষেপ ইছলাম আৰু কোৰানৰ নীতিৰ বিৰুদ্ধে।
এই বিতৰ্কই বাংলাদেশৰ শিক্ষা আৰু সমাজৰ মাজত গভীৰ সংঘাতৰ ওপৰত আলোকপাত কৰিছে। এফালে চৰকাৰে শিশুসকলক শিল্প-সংস্কৃতিক সামৰি লোৱা এক সামগ্ৰিক শিক্ষা প্ৰদান কৰিব বিচাৰিছে। আনহাতে, মৌলবাদী গোটসমূহে ইয়াক ধৰ্মীয় মূল্যবোধৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰে। বহুতে বিশ্বাস কৰে যে এই বিতৰ্কই বাংলাদেশৰ সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত প্ৰভাৱ পেলাব পাৰে। বাংলাদেশৰ উগ্ৰপন্থী সংগঠনসমূহে সকীয়াই দিছে যে যদিহে চৰকাৰে প্ৰাথমিক বিদ্যালয়ত কলা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যায় তেন্তে ৰাজপথৰ প্ৰতিবাদ অব্যাহত থাকিব।