সোমবাৰে পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ তিৰা উপত্যকাত অৱস্থিত মাত্ৰে গাঁৱত পাকিস্তানী বায়ুসেনাৰ আক্ৰমণত কেইবাটাও শিশুসহ ৩০ জন লোকৰ মৃত্যু হয়। শিশুসকলৰ মৃতদেহ কবৰস্থানলৈ সমাধিস্থ কৰিবলৈ নিয়াৰ সময়ৰ এটা দৃশ্যই ব্যথিত কৰি তুলিছে লক্ষ লক্ষ জনতাক।
পাকিস্তানী সেনাৰ আক্ৰমণত নিহত ডেৰ বছৰীয়া শিশু এটাক কোলাত লৈ এজন যুৱকে কান্দি কান্দি পাকিস্তানী সেনা আৰু চৰকাৰক প্ৰশ্ন কৰিছে, ‘এই শিশুটিও সন্ত্ৰাসবাদী আছিল নেকি? তেওঁৰ কি দোষ আছিল?’
তথ্য অনুসৰি পাকিস্তানী সেনাৰ আক্ৰমণত ডেৰ বছৰৰ পৰা ছয় বছৰ বয়সৰ প্ৰায় ১১ জন নাবালক নিহত হয়। এই ঘটনা সংঘটিত হোৱা খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ মাত্ৰে গাঁও আছিল আফ্ৰিদি জনজাতি প্ৰধান অঞ্চল।
ইয়াৰ পিছতে সোমবাৰে বিয়লি আফ্ৰিদি নেতাসকলে গাঁওখনত এখন বৈঠক অনুষ্ঠিত কৰে, আৰু আশা কৰা হৈছে যে অতি সোনকালেই আফ্ৰিদি জনগোষ্ঠীৰ সদস্যসকলে পাকিস্তানী বায়ুসেনা আৰু পেছাৱৰত ষ্টেচন ঘেৰাও কৰি এই কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে।
উল্লেখ্য যে বিগত ৪ সপ্তাহ ধৰি পাকিস্তানী সেনাই সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-তালিবানৰ ঘাটিত বিমান আক্ৰমণ চলোৱা বুলি দাবী কৰি আহিছে যদিও বেছিভাগ ক্ষেত্ৰতে এই আক্ৰমণত সাধাৰণ নাগৰিকৰ মৃত্যুৰহে গোচৰ পোহৰলৈ আহিছে। বিগত এমাহত পাকিস্তানী সেনাই চলোৱা আক্ৰমণত ৪০ জনতকৈ অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে।