গদাধৰ নদীত নাও দুৰ্ঘটনা সংঘটিত হৈছে। নিশা টুলুঙা নাওৰে পিতা-পুত্ৰই যাত্ৰা কৰি থকাৰ সময়ত ৰহস্যজনকভাৱে নাও ডুবি ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। গৌৰীপুৰৰ গদাধৰ নদীত সংঘটিত হৈছে এই শোকাবহ ঘটনা।
দেওবাৰে নিশা প্ৰায় ৯ বজাত শ্বাবিনুৰ ৰহমান নামৰ যুৱকজনে পিতৃৰ সৈতে নাওৰে যাত্ৰা কৰিছিল। সেইসময়তে ৰহস্যজনকভাৱে নাওখন ডুবি যায়। লগে-লগে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৰাইজৰ মাজত।
ইফালে, স্থানীয় ৰাইজে পিতা-পুত্ৰৰ সন্ধান বিচাৰি বেৰজালৰে অভিযান চলায়। অৱশ্যে, কোনো সন্ধান লাভ নকৰিলে ৰাইজে।
পৰৱৰ্তীসময়ত ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হয়। SDRF বাহিনীয়ে ওৰে নিশা অভিযান চলাই পিতৃৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে, বৰ্তমানেও সন্ধানহীন হৈ আছে পুত্ৰ শ্বাবিনুৰ ৰহমান।
আনহাতে, মৃতদেহ উদ্ধাৰ কৰাৰ পিছত গৌৰীপুৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।