এটুকুৰা ভূমিৰ বাবেই ভয়ংকৰ ঘটনা। ভূমিডোখৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা গোষ্ঠীগত সংঘৰ্ষত প্ৰাণ হেৰুৱালে ৩৬ জন লোকে। আনহাতে, এই ঘটনাত আহত হৈছে ১৬২ জন লোক।
পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ কুৰৰাম জিলাত দুটা জনজাতীয় সংগঠনৰ মাজত এই সংঘৰ্ষৰ সূত্ৰপাত ঘটে। বিষয়াসকলে জানিবলৈ দিয়া মতে, আপাৰ কুৰৰাম জিলাৰ বোছেৰা নামৰ এখন গাঁৱত পাঁচ দিন পূৰ্বে এই তীব্ৰ সংঘৰ্ষ আৰম্ভ হৈছিল।
ইয়াৰ পূৰ্বে গাঁওখনত জনজাতীয় আৰু ধৰ্মীয় সংগঠনৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এনে সংঘাতৰ পৰিপ্ৰেক্ষিতত বছেৰা, মালিকেল আৰু দুণ্ডাৰ অঞ্চলত জনজাতীয় বয়োজ্যেষ্ঠ লোক, সামৰিক নেতৃত্ব, আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত কৰ্তৃপক্ষই ছিয়া আৰু চুন্নী জনজাতিৰ মাজত চুক্তিৰ চেষ্টা চলাইছে।
অৱশ্যে, জিলাখনৰ আন কিছু অঞ্চলত এতিয়াও সংঘৰ্ষ অব্যাহত আছে। জিলাখনৰ এগৰাকী উচ্চপ্ৰদস্ত প্ৰশাসনিক বিষয়াই এই অঞ্চলসমূহতো যুদ্ধবিৰতিৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলি প্ৰকাশ কৰিছে।
হিংসাজৰ্জৰ পৰিস্থিতি সন্দৰ্ভত আৰক্ষীয়ে জনাইছে যে, ৪ দিন পূৰ্বে ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। এই সংঘৰ্ষ ক্ৰমে পেৱাৰ, টাংগী, বালিশখেল, খাৰ কলাই, মকবাল, কুঞ্জ আলিজাই, পাৰা চামকানি, কৰ্মনকে ধৰি আৰু বহু অঞ্চললৈ বিয়পি পৰে।
স্থানীয় বাসিন্দাসকলে জনোৱা মতে, দুয়োটা গোটে পৰস্পৰৰ বিৰুদ্ধে আক্ৰমণৰ বাবে মৰ্টাৰ শ্বেল আৰু ৰকেট লঞ্চাৰকে ধৰি মাৰাত্মক অস্ত্ৰ ব্যৱহাৰ কৰিছিল। শনিবাৰে নিশা এই সংঘৰ্ষ অধিক ভয়াৱহ হৈ পৰে।
ইপিনে, জিলাখনত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত সকলো শিক্ষানুষ্ঠান আৰু বজাৰ বন্ধ কৰি দিয়া হৈছে। সমান্তৰাভাৱে মূল পথত যাতায়াতো বন্ধ হৈ পৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ হিংসাজৰ্জৰ অঞ্চলসমূহত মোতায়েন কৰা হৈছে শ শ নিৰাপত্তাৰক্ষী।