এছিয়া কাপত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় টি-২০ দলৰ অপেনাৰ বেটাৰ অভিষেক শৰ্মাই ৰচিলে এক অভিলেখ। বুধবাৰে প্ৰকাশিত আই চি চি টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত অভিষেক শৰ্মাই সৰ্বোচ্চ ৰেটিং পইণ্ট লাভ কৰি এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।
সদ্য সমাপ্ত এছিয়া কাপত ভাৰতে খিতাপ জয় কৰাৰ পাছত আই চি চি ৰেংকিঙত ৯৩১ পইণ্টৰ সৰ্বোচ্চ ৰেটিং লাভ কৰি অভিষেকে প্ৰায় পাঁচ বছৰীয়া অভিলেখ ভংগ কৰে।
কোহলী আৰু সূৰ্যকুমাৰ যাদৱক অতিক্ৰম কৰিলে অভিষেক শৰ্মাই
আই চি চি ৰেংকিঙত সৰ্বোচ্চ ৰেটিং পইণ্ট লাভ কৰা অভিলেখ আছিল ইংলেণ্ডৰ সোঁহতীয়া বেটাৰ ডেভিড মালানৰ নামত। তেওঁ ২০২০ চনত ৯১৯ পইণ্টেৰে শীৰ্ষ স্থানত আছিল। পূৰ্বৰ শ্ৰেষ্ঠ ৰেটিং অতিক্ৰম কৰিবৈল সক্ষম হয় ২৫ বছৰীয়া অভিষেক শৰ্মাই।
এছিয়া কাপত আকৰ্ষণীয় ফৰ্ম আৰু ২০০ৰো অধিক ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহৰ বাবে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান লাভ কৰা বাওঁহতীয়া বেটছমেনগৰাকীয়ে সূৰ্যকুমাৰ যাদৱ (৯১২) আৰু বিৰাট কোহলী (৯০৯)ৰ শ্ৰেষ্ঠ ৰেটিঙকো অতিক্ৰম কৰে।
আইচিচি টি২০আই বেটিং ৰেংকিঙত এতিয়ালৈকে সৰ্বোচ্চ ৰেটিং
অভিষেক শৰ্মা – ৯৩১*
ডেভিড মালান – ৯১৯
সূৰ্যকুমাৰ যাদৱ – ৯১২
বিৰাট কোহলী – ৯০৯
ইফালে, আই চি চি টি-২০ বলিং ৰেংকিঙত শীৰ্ষ স্থান অক্ষুন্ন ৰাখিছে ভাৰতীয় ক্ৰিকেট দলৰ মিষ্ট্ৰি স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে।