ভাৰত ‘আইনৰ শাসন’ত বিশ্বাস কৰা দেশ। ইয়াত শাসন ব্যৱস্থা স্বেচ্ছাচাৰী বা বল প্ৰয়োগৰ দ্বাৰা নহয়, সংবিধান আৰু আইনৰ দ্বাৰা পৰিচালিত হয়। এই মন্তব্য কৰিছে দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গাৱাই।
মৰিচাছত অনুষ্ঠিত ‘আইন শাসন সোঁৱৰণী বক্তৃতা’ অনুষ্ঠানত উপস্থিত থাকি মুখ্য ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰে যে দুয়োখন দেশেই ঔপনিৱেশিকতাৰ কষ্ট সহ্য কৰি আজি মুক্ত আৰু গণতান্ত্ৰিক সমাজ হিচাপে অংশীদাৰ।
মুখ্য ন্যায়াধীশে ‘আইনৰ শাসন’ৰ প্ৰকৃত অৰ্থ বিশ্লেষণ কৰি কয় যে ইয়াৰ অৰ্থ হৈছে যিকোনো ব্যক্তি, সেয়া লাগিলে সাধাৰণ জনতাই হওক বা শাসনত থকাই হওক, সকলোৱে আইন মানি চলিব লাগিব।
বহুবাৰ বা বহু সময়ত আইনৰ নাম লৈ বিভিন্ন অন্যায় হোৱাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে প্ৰকৃত আইন হৈছে ন্যায়, সমতা আৰু ন্যায়পৰায়ণতাক ৰক্ষা কৰা।
নিজৰ শেহতীয়া সিদ্ধান্তৰ কথা উল্লেখ কৰি গাৱাইয়ে লগতে কয় যে শুনানি আৰু আইনৰ যথাযথ প্ৰক্ৰিয়া অবিহনে বুলড’জাৰেৰে কাৰোবাৰ ঘৰ ভাঙি পেলোৱাটো আইনৰ শাসনৰ বিৰুদ্ধে। তেওঁ কয়, ‘ভাৰত বুলড’জাৰৰ শাসনেৰে নহয়, আইনৰ শাসনৰ দ্বাৰা পৰিচালিত হয়।’