অসমৰ প্ৰাণৰ শিল্পী, অসমীয়াৰ আবেগ-হিয়াৰ আমঠু অমৃতকণ্ঠ জুবিন গাৰ্গৰ অকাল বিয়োগে শোকস্তব্ধ কৰি পেলাইছে তেওঁৰ লাখ লাখ অনুৰাকীক। বৰ্তমান প্ৰতিগৰাকী অসমীয়াৰ মনত এটা বিষয়েই চলিছে, সেয়া হৈছে জুবিন গাৰ্গৰ ন্যায়। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে অসমৰ প্ৰেক্ষাপট বহু সলনি হৈ পৰিছে। সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ওলাই আহিছে।
শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৱে সৰৱ কৰিছে অজস্ৰ গুণমুগ্ধ। ইফালে আকৌ জুবিনৰ মৃত্যুৰ তদন্ত চলি থকাৰ মাজতে বহুজনে আকৌ এই সুবিধা লোৱাও দেখা গৈছে। বহুজনৰ মতে আকৌ একাংশই বিষয়টোক ৰাজনীতিকেন্দ্ৰিকো কৰি চুলিবলৈ সুৰুঙা বিচাৰি আছে। কিন্তু জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি এতিয়াও অচল হৈ আছে জুবিন অনুৰাগী তথা পৰিয়ালবৰ্গ।
ঘটনা সন্দৰ্ভত জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এটা নিজৰ স্থিতি ঘোষণা কৰিছে। আবেগিক এই পোষ্টটোত জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি গৰিমাই লিখিছে, –
‘The last one for this life…But we will be together again,,very soon Goldie ! কিন্তু এতিয়া, অতি শীঘ্ৰেই মই/ আমি সকলোৱে জানিব লাগিব তুমি কায়িক ভাবে নোহোৱা হৈ যোৱাৰ কাৰণ । কিয় ? এতিয়া এটা ডাঙৰ প্ৰশ্ন !এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূণ্য বুকু । মোক উত্তৰ লাগে ..’
আকৌ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে লিখিছে –
“আকৌ তই ‘ মমন ‘ বুলি মাতিবি…. যেতিয়া লগ পাম সীমনাৰ সিপাৰে….এতিয়া লক্ষ্য মাত্ৰ এটাই, তোক ন্যায় দিয়াব লাগিব! ৰাইজ! আপোনালোকৰ মনোবল আমাৰ সহায়ক হওঁক!”