ইউৰোপৰ শ্বেংগেন ভিছা ব্যৱস্থাৰ দৰেই উপসাগৰীয় সহযোগিতা পৰিষদৰ (জিচিচি) ছয়খন দেশত অতি সোনকালে একক ভিছাৰে প্ৰৱেশ কৰিব পৰা যাব। জিচিচিয়ে চলিত বৰ্ষৰ পৰা একক ইউনিফাইড টুৰিষ্ট ভিছাৰ পৰীক্ষণ আৰম্ভ কৰিবলৈ সাজু হৈছে। ইয়াৰ ফলত বাহৰেইন, কুৱেইট, ওমান, কাটাৰ, চৌদি আৰব, আৰু সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)লৈ যাবলৈ পৃথক ভিছাৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব।
ভাৰতীয়সকলে একক ঐক্যবদ্ধ পৰ্যটন ভিছাৰ দ্বাৰা পোনপটীয়াকৈ লাভৱান হ’ব, কিয়নো ভাৰতৰ পৰা বৃহৎ সংখ্যক লোকে কৰ্মসংস্থাপন আৰু পৰ্যটনৰ বাবে এই আৰব দেশসমূহলৈ যাত্ৰা কৰে। ইউ এ ইৰ অৰ্থনীতি মন্ত্ৰী তথা এমিৰেটছ পৰ্যটন পৰিষদৰ অধ্যক্ষ আব্দুল্লা বিন টৌক আল মাৰীয়ে ২০২৫ চনৰ বিশ্ব পৰ্যটন দিৱসৰ সময়ত এই পাইলট প্ৰকল্পটো নিশ্চিত কৰে।
সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এমিৰেটছ পৰ্যটন পৰিষদৰ অধ্যক্ষ আল মাৰীয়ে কয় যে, জিচিচি গ্ৰেণ্ড টুৰিষ্ট ভিছা নামৰ এই ভিছা ব্যৱস্থাটো পাইলট পৰ্যায়ৰ পিছত সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ’ব। এই ভিছাৰ আনুষ্ঠানিক মুকলিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। ইউনিফাইড জিচিচি টুৰিষ্ট ভিছা বা জিচিচি গ্ৰেণ্ড টুৰিষ্ট ভিছা ইউৰোপৰ শ্বেংগেন ভিছা ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে, যাৰ ফলত ভ্ৰমণকাৰীসকলে একক অনুমতি পত্ৰ ব্যৱহাৰ কৰি একাধিক দেশত মুক্তভাৱে যাত্ৰা কৰিব পাৰে।
ইউ এ ই চৰকাৰে কয় যে এই ভিছা আঞ্চলিক সংহতিৰ দিশত এক কৌশলগত পদক্ষেপ। ইয়াৰ জৰিয়তে উপসাগৰীয় অঞ্চলটোৰ একক পৰ্যটনস্থলী হিচাপে সামূহিক আকৰ্ষণ বৃদ্ধি পাব। জিচিচি দেশসমূহে পৰ্যটন আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে চেষ্টা কৰাৰ সময়তে এই নীতি পৰিৱৰ্তন ঘটিছে। ইউনিফাইড ভিছাৰ জৰিয়তে পুনৰাবৃত্তিমূলক কাগজ-পত্ৰ আৰু একাধিক আবেদনৰ পৰা আঁতৰি আহিব।
আব্দুল্লা বিন টৌক আল মাৰীয়ে কয় যে, ইউনিফাইড ভিছাটোৱে আনুষ্ঠানিক অনুমোদন লাভ কৰিছে আৰু অতি সোনকালে কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ সম্পূৰ্ণ ৰূপায়ণৰ কোনো নিৰ্দিষ্ট তাৰিখ দিয়া হোৱা নাই যদিও বিষয়াসকলে ধাৰাবাহিকভাৱে ইংগিত দি আহিছে যে ইয়াক অতি সোনকালে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।










