No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- ১২ মে’ত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত হ’ব বিজেপি চৰকাৰৰ শপতগ্ৰহণ সমাৰোহ। এই শপতগ্ৰহণ সমাৰোহৰ বাবে খানাপাৰাত ব্যাপক প্ৰস্তুতি চলায় থকা হৈছে। খানাপাৰা খেলপথাৰত বিশাল পেণ্ডেল নিৰ্মাণৰ যো-জা চলাইছে বিজেপিয়ে। এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ কেন্দ্ৰৰ বহু কেইগৰাকী ৰাষ্ট্ৰীয় নেতা।
- পশ্চিমবংগৰ ৰাজনীতিৰ বাবে আজি ঐতিহাসিক দিন। আজি প্ৰথমবাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব এগৰাকী বিজেপি নেতাই। পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত ল’ব শুভেন্দু অধিকাৰীয়ে।কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব শপতগ্ৰহণ সমাৰোহ। শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ বহু নেতা।
- দুগৰাকীকৈ কিশোৰীৰ সৈতে ৬৫ বছৰীয়া ব্যক্তিয়ে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ। টীয়কৰ চেনিজান ৰামপুৰ ভকত গাঁৱত জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ ৰাধেশ্যাম বাউৰিৰ বিৰুদ্ধে। যাৰ বাবে ৰাধেশ্যামৰ কুকৰ্মৰ বাবে এগৰাকী কিশোৰীয়ে শেষ কৰি দিয়ে নিজৰ জীৱন। দুই নাবালিকাই ঘৰৰ ওচৰৰ বাৰীত আম খাবলৈ যাওঁতে কুকাণ্ড কৰে ৰাধেশ্যামে।এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত ৰাধেশ্যামক। এসপ্তাহৰ ভিতৰত পাষণ্ডটোক শাস্তি বিহিবলৈ দাবী স্থানীয় লোকৰ।
- চৰকাৰ গঠন কৰিবলৈ গৈ শ’লঠেকত থালাপতি বিজয়। একাংশ বিধায়ক অন্তৰ্ধান হোৱাক লৈ শপতগ্ৰহণত অনিশ্চয়তা। হায়দৰাবাদ অভিমুখে ৰাওনা হৈছে কংগ্ৰেছৰ ৪ বিধায়ক। কংগ্ৰেছ বিধায়কে সমৰ্থন দিছিল কংগ্ৰেছ বিধায়ককেইজনে। যাৰ বাবে এতিয়াও মেজিক নম্বৰ গোটাব পৰা নাই TVK-এ।
- বৰ্তমানৰ AI ৰ যুগত ফটোৰ অপব্যৱহাৰ ক্ৰমান্বয়ে সাধাৰণ হৈ পৰিছে, আনকি VIPসকলো ইয়াৰ ব্যতিক্ৰম নহয়। এইবাৰ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ এক অশ্লীল ডিপফেক ফটো ভাইৰেল হৈ পৰিছে।
No Result
View All Result