আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় অপমানৰ সন্মুখীন হ’ল পাকিস্তান। ৰাষ্ট্ৰসংঘত ভাৰতে পাকিস্তানক নিজৰ চৰিত্ৰ দেখুৱায়। পাকিস্তান সন্দৰ্ভত ভাৰতে কয় যে পাকিস্তানে ১৯৭১ চনত অপাৰেচন চাৰ্চলাইট আৰম্ভ কৰা দেশ, য’ত নিজৰ সেনাই ৪ লাখ মহিলাৰ সৈতে অপকৰ্ম সংঘটিত কৰিছিল।
দৰাচলতে পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ বিৰুদ্ধে কটু বক্তব্য দি আছিল আৰু বহু প্ৰকাশ্যত অসত্যৰ আশ্ৰয় লৈছিল। এই সময়ত ভাৰতীয় স্থায়ী প্ৰতিনিধি পাৰ্বথানিন হৰিশে পাকিস্তানক প্ৰত্যুত্তৰ দিয়ে।
পাকিস্তানে কৈছিল যে, কাশ্মীৰী মহিলাসকলে দশক দশক ধৰি অপকৰ্মৰ সন্মুখীন হৈ আহিছে। ইয়াৰ উত্তৰত হৰিশে কয় যে, দুৰ্ভাগ্যজনকভাৱে ভাৰতে প্ৰতি বছৰে নিজ দেশৰ বিৰুদ্ধে বিশেষকৈ ভাৰতৰ অবিচ্ছেদ্য অংগ জম্মু-কাশ্মীৰৰ ওপৰত বিভ্ৰান্তিকৰ ভাষণ শুনিবলৈ বাধ্য হয়। পিছে যিখন দেশে নিজৰ মানুহৰ মাজত বোমা বিস্ফোৰণ কৰে আৰু পদ্ধতিগতভাৱে গণহত্যা কৰে, সেইখন দেশে কেৱল বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ভুৱা বক্তব্যহে দিয়ে। ১৯৭১ চনত অপাৰেচন চাৰ্চলাইট আৰম্ভ কৰা আৰু নিজৰ সেনাই ৪ লাখ মহিলাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিবলৈ অনুমতি দিয়া দেশখনেই হৈছে পাকিস্তান।
ৰাষ্ট্ৰসংঘত ভাৰতে পাকিস্তানক উদঙাই দিয়াটো এয়াই প্ৰথম নহয়; ইয়াৰ পূৰ্বেও পাকিস্তানক অপমান কৰা হৈছে। পূৰ্বেও ভাৰতে সন্ত্ৰাসবাদৰ বিষয়ত পাকিস্তানৰ অন্ধকাৰ সত্য বিশ্বৰ আগত উদঙাই দিছে।