আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ইজৰাইল আৰু হামাছে আমেৰিকাৰ মধ্যস্থাতাত প্ৰথম পৰ্যায়ৰ শান্তি পৰিকল্পনাৰ বাবে সহমতত উপনীত হৈছে। এই চুক্তিয়ে গাজাত চলি থকা যুদ্ধ বন্ধ কৰিব আশা কৰা হৈছে।
গুৰুত্বপূৰ্ণ কথাটো হ’ল এই শত্ৰুতা বন্ধ হোৱাৰ ফলত বন্দীসকলকো মুকলি কৰি দিয়া হ’ব। ৯ অক্টোবৰত ইজিপ্তত স্বাক্ষৰিত হোৱা এই চুক্তিত হামাছে সন্মতি প্ৰকাশ কৰিছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, তেওঁ অতি গৌৰৱান্বিত যে ইজৰাইল আৰু হামাছে শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ অৰ্থ হ’ল যে সকলো পণবন্দীক ইজৰাইলে অতি সোনকালে মুকলি কৰি দিব আৰু ইজৰাইলৰ সৈন্যবাহিনীয়ে নিৰ্দিষ্ট সীমান্তলৈ আঁতৰি যাব। এয়া স্থায়ী শান্তিৰ দিশত প্ৰথম পদক্ষেপ।
মন কৰিবলগীয়া যে, ইজৰাইল আৰু হামাছৰ মাজত কেইবামাহো ধৰি যুদ্ধ চলি আছে যদিও এতিয়া ট্ৰাম্পৰ প্ৰচেষ্টাৰ বাবে শান্তিৰ আশা কৰা হৈছে। এই শান্তি চুক্তিত আমেৰিকাৰ লগতে ইজিপ্ত আৰু কাটাৰেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এক প্ৰতিবেদন অনুসৰি কাটাৰৰ প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ বিন আব্দুল ৰহমান আল থানীও এই আলোচনাৰ অংশ আছিল।