আজি ঘোষণা হ’ব ADREৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোর্ডে ঘোষণা কৰিব এই ফলাফল।
পুৱা ১০.৩০ বজাত ঘোষণা হ’ব ফলাফল।নির্দিষ্ট ৱেবছাইটত উপলব্ধ হ’ব ফলাফলসমূহ। প্রথম পর্যায়ত ঘোষণা হ’ব তৃতীয় বৰ্গৰ পদৰ ফলাফল। ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ আছে তৃতীয় বৰ্গৰ ৭ হাজাৰ ৬০০টা পদ।
ইয়াৰে ৪ হাজাৰ ৫৫ টা পদ স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। লগতে HS উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আছে ৩ হাজাৰ ১২৭টা পদ।আকৌ বিভিন্ন বিভাগৰ চালকৰ বাবে আছে ৪১৮টা পদ।
আকৌ আজি অসম আৰক্ষীৰ পৰীক্ষাসমূহৰ ফলাফলো ঘোষণা হ’ব। প্ৰকাশ পাব ৬২৫টা পদৰ ফলাফল।পুৱা ১১.৩০ বজাত নির্দিষ্ট ৱেবছাইটত উপলব্ধ হ’ব ফলাফল।
www.slprbassam.inত উপলব্ধ হ’ব ফলাফল। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোর্ডে ঘোষণা কৰিব ফলাফল।লগতে ঘোষণা হ’ব উপ-পৰিদৰ্শকৰ ২০৩টা পদৰ ফলাফল।