এগৰাকী নাবালিকা কিশোৰীৰ সৈতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ এগৰাকী কনিষ্টবল। কিশোৰীগৰাকীৰ সৈতে চিনাকী হৈ প্ৰেমৰ জালত পেলাই নিকুল আমচং নামৰ কনিষ্টবলজনে কিশোৰীগৰাকীৰ সৈতে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা অনুসৰি আৰক্ষী কনিষ্টবলজনে যোৰহাটৰ এখন ৰিজৰ্টত শিৱসাগৰৰ কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
কাৰ্বি আলং জিলাত কৰ্মৰত আৰক্ষী কনিষ্টবল জনে শিৱসাগৰৰ নাবালিকা গৰাকীক যোৰহাটৰ অজন্তা বাইপাছৰ এখন ৰিৰ্জটত এই অপকৰ্ম কৰাৰ অভিযোগ তুলি ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰে।
পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত পুলিবৰ আৰক্ষীয়ে কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে নাবালিকা গৰাকী যোৰহাটৰ মোমায়েকৰ ঘৰত আছিল।