পঞ্জাৱৰ ছিৰহিন্দ ৰেল ষ্টেচনৰ সমীপত আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়। অমৃতসৰৰ পৰা চাহাৰছা অভিমুখী গৰীব ৰথ এক্সপ্ৰেছত হঠাৎ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।
আম্বালাৰ পৰা ডেৰ কিলোমিটাৰ দূৰত্বত থকা ছিৰহিন্দ ষ্টেচনৰ কাষ চাপি অহাৰ লগে লগে এই ঘটনা সংঘটিত হয়। ইয়াৰে এখন ডবাত ধোঁৱা ওলোৱা দেখি যাত্ৰীসকলে লগে লগে ৰে’লৱেৰ লোকক সতৰ্ক কৰি দিয়ে। মনৰ উপস্থিতিৰে কাম কৰি চালকজনে লগে লগে ৰেলখন ৰখাই দিলে, যাৰ ফলত এটা ডাঙৰ দুৰ্যোগ ৰোধ হয়।
পুৱা প্ৰায় ৭:৩০ বজাত এই ঘটনা সংঘটিত হয়। ৰেলৱেৰ বিষয়াসকলৰ মতে সকলো যাত্ৰী নিৰাপদ আৰু কোনো লোক হতাহত বা আহত হোৱাৰ খবৰ পোৱা নাই। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও কাৰিকৰী বিজুতি বা শ্বৰ্ট চাৰ্কিটৰ সন্দেহ কৰা হৈছে।
বিষয়াসকলে জনোৱা মতে, জুই নিয়ন্ত্ৰণ কৰাৰ পিছত ৰে’লখনৰ অৱস্থা পৰিদৰ্শন কৰা হৈছে। ক্ষতিগ্ৰস্ত ডবাটো পৰিদৰ্শন কৰাৰ পিছত শীঘ্ৰে গন্তব্যস্থান ছাহাৰছালৈ ৰাওনা হ’ব ৰে’লখন। ৰেলৱে সুৰক্ষা বাহিনী (আৰ পি এফ) আৰু জি আৰ পিৰ দলে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে, আৰু যাত্ৰীসকলক সকলো প্ৰয়োজনীয় সুবিধা প্ৰদান কৰা হৈছে।
অগ্নিকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে যাত্ৰীসকল ক্ষণিকৰ বাবে আতংকিত হৈ পৰে যদিও ৰে’লৱে আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ তৎকালীন ব্যৱস্থাই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ৰেলৱে কৰ্মচাৰীৰ তৎপৰতা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দ্ৰুত সঁহাৰিয়ে সম্ভাৱ্য বৃহৎ দুৰ্যোগ ৰোধ কৰিলে।