দেশৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা জম্মু-কাশ্মীৰৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ পাৰভেজ ৰছুলে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ ঘোষণা কৰে। ২০১৪ চনত ভাৰতীয় এদিনীয়া দলত অভিষেক ঘটিছিল পাৰভেজ ৰছুলৰ। তেওঁ ২০১৭ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ হৈ খেলিছিল টি-২০ মেচ।
দক্ষিণ কাশ্মীৰৰ বিজবেহৰাৰ ৩৬ বছৰীয়া অলৰাউণ্ডাৰগৰাকীয়ে অৱসৰৰ সিদ্ধান্তৰ বিষয়ে ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল ব’ৰ্ডক অৱগত কৰে।
উল্লেখ্য যে, পাৰভেজ ৰছুলে নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ভাৰতৰ হৈ মাত্ৰ এখন এদিনীয়া আৰু এখন টি-২০ মেচত অংশ লৈছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ উপৰি তেওঁ আই পি এলত পুণে ৱাৰিয়ৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰৰ হৈও খেলিছিল।
প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৰছুলে সৰ্বমুঠ ৫,৬৪৮ ৰান সংগ্ৰহ কৰাৰ লগতে দখল কৰিছে ৩৫২ টা উইকেট। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে কৰি অহা উন্নত প্ৰদৰ্শনৰ বাবে তেওঁ দুবাৰকৈ ৰঞ্জী ট্ৰফীৰ শ্ৰেষ্ঠ অল-ৰাউণ্ডাৰৰ সন্মানীয় লালা অমৰনাথ বঁটা লাভ কৰে। ২০১৩-১৪ আৰু ২০১৭-১৮ চনত তেওঁ এই বঁটা লাভ কৰিছিল।
ভাৰতৰ হৈ এদিনীয়াত পাৰভেজ ৰছুলে দুটা উইকেট দখল কৰিছিল যদিও বেটিং কৰাৰ সুবিধা পোৱা নাছিল। ইয়াৰ উপৰি তেওঁ দেশৰ হৈ এখন টি-২০ মেচ খেলি এটা উইকেট দখল কৰাৰ লগতে ৫ ৰান সংগ্ৰহ কৰে।
ইয়াৰ উপৰিও পাৰভেজে আই পি এলৰ ১১খন খেল খেলি ১৭ ৰান সংগ্ৰহ কৰি ৪টা উইকেট দখল কৰিছে। পাৰভেজে বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ত খেলিছিল।